HDFC বেংক আৰু ভাৰতৰ সৰ্ববৃহৎ বিটুবি ফাৰ্মা মাৰ্কেটপ্লেছ ৰিটেইলিঅ’ই আজি নতুন ৰেঞ্জৰ কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড মুকলিৰ কথা ঘোষণা কৰে। এই বিটুবি ক্ৰেডিট কাৰ্ডসমূহ মূলতঃ ব্যৱসায়ী খণ্ডটোৰ কেমিষ্ট আৰু ফাৰ্মাচীসমূহক লক্ষ্য কৰি মুকলি কৰা হৈছে। ক্ৰেডিট কাৰ্ডসমূহ ৰিটেইলিঅ’ৰ ১ লাখৰো অধিক গ্ৰাহকলৈ তেওঁলোকৰ বৰ্তমানৰ মাৰ্চেন্টবেছৰ পৰা আৰু লগতে নতুন গ্ৰাহকৰ বাবে উপলব্ধ হ’ব।
এই অংশীদাৰিত্বই ইয়াৰ প্ৰৱৰ্তনৰ প্ৰথম পৰ্য্যায়তে ১.৪ লাখৰো অধিক ব্যৱসায়ীক সামৰি লোৱাৰ সম্ভাৱনা আছে। কাৰ্ডৰ পৰিসৰে প্ৰতিজন অংশীদাৰৰ মূল শক্তিৰ প্ৰকাশেৰে গ্ৰাহকক উচ্চ মূল্য আৰু অভিজ্ঞতা প্ৰদান কৰিব। এইচডিএফচি বেংক হৈছে প্ৰতিটো বজাৰ খণ্ডতে বিদ্যমান ৬ কোটিৰো অধিক ক্ৰেডিট, ডেবিট আৰু প্ৰিপেইড কাৰ্ডৰ ভিত্তিৰে পেমেন্ট বাতাবৰণটোৰ অগ্ৰণী প্লেয়াৰ। ১ সহস্ৰাধিক চহৰত ৰিটেইলিঅ’ৰ উপস্থিতি আছে লগতে ইয়াৰে ১০০০ ৰোধিক স্বাস্থ্য সেৱা আৰু ফাৰ্মা কোম্পানী, ৩০০০ ফাৰ্মাচিউটিকেল বিতৰক, ১ লাখ ফাৰ্মাচী, হাস্পতাল ও নাৰ্চিং হ’মৰ এটা নেটৱৰ্ক আছে।
ৰিটেইলিঅ’ কো ব্ৰেণ্ড কাৰ্য্যক্ৰমৰ অধীনত ক্ৰেডিট কাৰ্ডসমূহত উপলব্ধ সুবিধাৰাজিঃ ৫০ দিনলৈকে সুত-মুক্ত ক্ৰেডিট পিৰিয়ড, সকলো ব্যৱসায়ীৰ জৰিয়তে খৰচ আৰু ক্ৰয়ত ৰিৱাৰ্ড পইন্ট, বাৰ্ষিক মাইলষ্ট’ন বেনিফিট যেনেঃ প্ৰতিমাহে ২৫,০০০ টকা খৰচত ৫০০ বানচ ৰিৱাৰ্ড পইন্ট আৰু প্ৰতিমাহে ৫০,০০০ টকা খৰচত (আৰআইঅ’ (RIO) ক্লাবৰ সদস্যসকলৰ বাবে বিশেষ) ১,৫০০ বানচ ৰিৱাৰ্ড পইন্ট, ইউটিলিটি, টেলিকম, চৰকাৰৰ দৰে সকলো ব্যৱসায়িক প্ৰয়োজনীয় বস্তু ও কৰ পৰিশোধ (প্ৰতিমাহে ২৫০ টকাত সীমাবদ্ধ) ত ৫% কেছবেক, ৪০০ টকাৰপৰা ৫০০০ টকাৰ ভিতৰত ইন্ধন ক্ৰয়ত ১% ইন্ধনৰ উপ কৰ ৰেহাই আৰু প্ৰতি ষ্টেটমেন্টত ২৫০ টকালৈকে ৰেহাই।
“ভাৰতৰ সৰ্ববৃহৎ কাৰ্ড ইছ্যুকাৰী হিচাপে আমি কৰ্পৰেট ইণ্ডিয়াৰ বিভিন্ন প্লেয়াৰৰ সৈতে সহযোগিতাৰে পেমেন্ট বাতাবৰণটোক আগুৱাই নিবলৈ অংগীকাৰবদ্ধ। ৰিটেইলিঅ’ৰ সৈতে আমাৰ অংশীদাৰিত্বৰ জৰিয়তে আমি ৰিটেইলিঅ’ ব্যৱসায়ী নেটৱৰ্কৰ ভিতৰত খুচুৰা ফাৰ্মাচী, বিতৰক আৰু হাস্পতালসমূহৰ বাবে এটা কাষ্টমাইজড প্ৰডাক্টৰে ফাৰ্মা খণ্ডটোলৈ এই সহযোগিতা আৰু অধিক সম্প্ৰসাৰণ কৰিম”, এইচডিএফচি বেংকৰ পেমেন্ট ব্যৱসায়, উপভোক্তা ফাইনেন্স, প্ৰযুক্তি আৰু ডিজিটেল বেংকিঙৰ দেশৰ মুৰব্বী পৰাগ ৰাওৱে এইদৰে কয়।