আজিকালি সকলোতে মহৰ উপদ্ৰৱ যথেষ্ট বৃদ্ধি পাইছে। মহৰ উপদ্ৰৱ বৃদ্ধি হোৱাৰ ফলত ডেংগু, মেলেৰিয়া আদি ৰোগ বিয়পোৱা মহৰ সংখ্যাও প্ৰতিদিনে বৃদ্ধি পোৱা দেখা পোৱা গৈছে। মহৰ পৰা পৰিত্ৰাণ পাবলৈ মহ প্ৰতিৰোধী সামগ্ৰী ব্যৱহাৰেও কাম কৰা নাই। বহুলোকে এনেধৰণৰ ক্ষতিকাৰক মহ প্ৰতিৰোধী সামগ্ৰী ব্যৱহাৰ কৰিব নিবিচাৰে। অৱশ্যে, আপুনি মহ আঁতৰাবলৈ কিছুমান ঘৰুৱা প্ৰতিকাৰো প্ৰয়োগ কৰিব পাৰে। মহ আঁতৰাবলৈ ব্যৱহাৰ কৰিব লগীয়া ঘৰুৱা প্ৰতিকাৰবোৰ কি কি? আপুনি জানেনে?
তুলসী গছঃ টাবত, খিৰিকীৰ কাষত বা বাৰাণ্ডাত কেইটামান তুলসী গছ ৰোপণ কৰক। মহৰ উপদ্ৰৱ হ্ৰাস পোৱা দেখিবলৈ পাব।
কৰ্পুৰঃ মহে কৰ্পুৰৰ গোন্ধ একেবাৰে সহ্য কৰিব নোৱাৰে। এটা সৰু বাটিত ৫০ গ্ৰাম কৰ্পুৰ ৰাখক আৰু ইয়াক পানীৰে ভিজাই থওক। তাৰপিছত, ইয়াক কোঠাটোৰ যিকোনো এটা কোণত ৰাখক। দুদিনৰ পিছত পানী সলনি কৰি থাকক। মহৰ উপদ্ৰৱ যথেষ্ট পৰিমাণে হ্ৰাস পোৱা দেখিবলৈ পাব।
নিম তেলঃ মহে নিমৰ গোন্ধ সহ্য কৰিব নোৱাৰে। মহৰ কামোৰৰ পৰা পৰিত্ৰাণ পাবলৈ নিম তেল ব্যৱহাৰ কৰিব পাৰে। ঘৰৰ যিকোনো এটা কোণত নিম পাত ৰখিলেও মহৰ উপদ্ৰৱৰ পৰা হাতসাৰিব পাৰি।
নহৰুঃ কেইটামান নহৰুৰ কলি পানীত উতলাওক বা ব্লেণ্ডাৰত মিহলি কৰক। তাৰপিছত, ঘৰৰ বিভিন্ন অংশত সেই উতলোৱা পানী ছটিয়াই দিয়ক। আপুনি অতি সোনকালে মহ বোৰ নাইকিয়া হোৱা দেখিব।
সুগন্ধিঃ মহবোৰে সুগন্ধি খুব বেয়া পায়। আপুনি মহ খেদিবলৈ শৰীৰ বা কাপোৰত সুগন্ধি ব্যৱহাৰ কৰিব পাৰে। আপুনি ৰাতি শুবলৈ যোৱাৰ আগতে আপোনাৰ শৰীৰটো ধুব পাৰে। মহৰ উপদ্ৰৱ যথেষ্ট পৰিমাণে হ্ৰাস পোৱা দেখিবলৈ পাব