মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন। ব্ৰহ্মপুত্ৰৰ নতুন শৰাইঘাট দলঙত এজন যুৱকে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। ঋণ পৰিশোধ কৰিব নোৱৰাৰ বাবেই যুৱকজনে আত্মহত্যাৰ পথ বাচি লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে ৰূপনগৰৰ যুৱকজনৰ নাম নয়নজ্যোতি তালুকদাৰ। দলঙৰ মাজত আৰক্ষীয়ে জব্দ কৰা এল্টো বাহনখনৰ নং AS01 DS 9533। বাহনখনৰ লগতে এটা মোবাইল, মানীবেগ আৰু ড্ৰাইভিং লাইচেন্স উদ্ধাৰ কৰা হৈছে।
এই ঘটনা সন্দৰ্ভত জালুকবাৰী থানাত এখন এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। ইতিমধ্যে জালুকবাৰী আৰক্ষীৰ এটি দলে অনুসন্ধান চলাই আছে। পৰিয়ালৰ লোকে যদি কোনো ব্যক্তিয়ে যুৱকজনৰ কিবা তথ্য লাভ কৰে তেন্তে আৰক্ষীৰ লগতে পৰিয়ালৰ লোককো জনাবলৈ আহ্বান জনায়।