ভাৰতীয় সেনাত নিযুক্তিৰ বাবে বয়সৰ উচ্চতম সীমা বৃদ্ধি কৰা হৈছে যদিও বন্ধ হোৱা নাই প্ৰতিবাদ। আজিও প্ৰতিৰক্ষা বিভাগৰ অগ্নিপথ আঁচনিৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। উত্তৰ প্ৰদেশ, বিহাৰত প্ৰতিবাদকাৰীয়ে পুনৰ অগ্নিসংযোগ কৰিছে ৰে’লত। বহু স্থানত ৰে’লপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে।
উত্তৰ প্ৰদেশৰ বালিয়াত পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীসকলে ৰাজপথৰ বহু বাহনৰ ক্ষতি কৰাৰ খবৰ পোৱা গৈছে। ৰাজপথৰ বহু বাহনৰ কাঁচ ভাঙিছে প্ৰতিবাদকাৰীয়ে। ইয়াৰ মাজতে আৰক্ষীয়ে আটক কৰিছে এজন উত্তাল প্ৰতিবাদকাৰীক।