গৃহিনীলৈ ভাল খবৰ। হ্ৰাস পাব মিঠাতেলৰ মূল্য। কেইবাটাও ব্ৰেণ্ডে প্ৰস্তুত কৰা মিঠাতেলৰ মূল্য ১৫ ৰ পৰা ২০ টকা পৰ্যন্ত হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সৰিয়হৰ তেল, ছয়াবিনৰ তেল, সূৰ্যমুখীৰ তেলৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।খবৰ অনুসৰি ছান ফ্লাৱাৰ ব্ৰেণ্ডৰ তেলৰ মূল্য প্ৰতি লিটাৰত ২০ টকা হ্ৰাস পাব। একেদৰে ধাৰা ব্ৰেণ্ডৰ প্ৰতি লিটাৰ তেলত ১৫ টকা হ্ৰাস পাব। হ্ৰাস পাব গৌতম আদানিৰ উইলমায়োৰ মিঠাতেলৰ মূল্য।
তথ্য অনুসৰি প্ৰতি লিটাৰ প্লাম তেলৰ মূল্য ৭ৰ পৰা ৮ টকা, ছয়াবিন তেলৰ মূল্য প্ৰতি লিটাৰত ৫ টকা, সূৰ্যমুখী তেলৰ মূল্য প্ৰতি লিটাৰত ১০ৰ পৰা ১৫ টকা হ্ৰাস পাব। কেন্দ্ৰীয় চৰকাৰে তৈলজাত সামগ্ৰীৰ আমদানি মূল্যমান হ্ৰাস কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ২০ লাখ মেট্ৰিক টন ছান ফ্লাৱাৰ আৰু ছয়াবিন তেল আমাদানিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।