পঞ্জাৱৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ডিজিপি দিনকাৰ গুপ্তাক দেশৰ শীৰ্ষ স্থানীয় সন্ত্ৰাসবাদ বিৰোধী তদন্ত সংস্থা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (NIA) নতুন সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। কৰ্মচাৰী মন্ত্ৰালয়ে জাৰি কৰা এক চৰকাৰী নিৰ্দেশ অনুসৰি কেবিনেটৰ নিযুক্তি সমিতিয়ে নিয়াৰ শীৰ্ষ পদৰ বাবে পঞ্জাৱৰ আইপিএছ বিষয়াগৰাকীৰ নাম অনুমোদন কৰে।
উল্লেখ্য যে, ৱাই চি মোডীৰ অৱসৰৰ পিছত বিগত বৰ্ষৰ মে’ মাহত চেণ্ট্ৰেল ৰিজাৰ্ভড পুলিচ ফ’ৰ্চ (CRPF)- ৰ সঞ্চালক প্ৰধান কুলদ্বীপ সিঙক নিয়াৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছিল। এতিয়া দিনকাৰ গুপ্তাই কুলদ্বীপ সিঙৰ পৰা এই দায়িত্ব গ্ৰহণ কৰিব। ২০২৪ চনৰ ৩১ মাৰ্টলৈকে দিনকৰ গুপ্তা নিয়াৰ মুৰব্বীৰ পদত অধিষ্ঠিত থাকিব।
আৰক্ষী প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা দিনকৰ গুপ্তা পঞ্জাৱৰ চোৰাংচোৱা বিভাগৰ আৰক্ষী সঞ্চালক প্ৰধান হোৱাৰ লগতে ২০০৪ চনৰ জুন মাহৰ পৰা ২০১২ চনৰ জুলাইলৈকে তেওঁ আঠ বছৰ ভিভিআইপিসকলৰ নিৰাপত্তাৰ চোৱাচিতা কৰা ইণ্টেলিজেঞ্চ ব্যুৰো গোটৰ মুৰব্বী হিচাপেও দায়িত্ব পালন কৰিছিল। ১৯৯২ আৰু ১৯৯৪ চনত দিনকৰ গুপ্তাক দুটা আৰক্ষী বীৰত্ব পদকৰে সন্মানিত কৰা হৈছিল। তদুপৰি তেওঁক প্ৰসংশনীয় সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা পুলিচ মেডেল আৰু বিশিষ্ট সেৱাৰ বাবে ২০১০ চনত ৰাষ্ট্ৰপতি আৰক্ষী পদকৰ দ্বাৰাও সন্মানিত কৰা হৈছিল।