জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক শুকুৰবাৰে আগন্তুক নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই থকা অৱস্থাত দুৰ্বৃত্তৰ গুলীচালনা। পশ্চিম জাপানৰ নাহা নামৰ চহৰখনত অনুষ্ঠিত হোৱা এখন সভাত ভাষণ দি থকা অৱস্থাত আবেলৈ লক্ষ্য কৰি গুলী চলাই দুৰ্বৃত্তই। বুকুত গুলী লগা ৬৭ বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী ঘটনাস্থলীতে ঢলি পৰাত ততাতৈয়াকৈ চিকিৎসালয়লৈ ভৰ্তি কৰোৱা হয়।
ঘটনাটো পুৱা প্ৰায় ১১.৩০ বজাত (ভাৰতীয় সময় মতে ৰাতিপুৱা ৮.৩০ বজাত) সংঘটিত হৈছিল। ঘটনাস্থলীতে নিৰপত্তাৰক্ষীয়ে আক্ৰমণকাৰীক কৰায়ত্ত কৰে। বৰ্তমান প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্য যথেষ্ট সংকটজনক বুলিও সদৰি কৰিছে জাপানৰ স্থানীয় সংবাদমাধ্যমে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ দি থকা অৱস্থাত দুটাকৈ বিস্ফোৰণৰ শব্দও শুনা গৈছিল বুলি জানিব পৰা গৈছে