বৃহস্পতিবাৰে নিশা উত্তৰ গুৱাহাটীৰ GNRCৰ চৌহদত আত্মহত্যা কৰে এগৰাকী নাৰ্ছে। GNRCৰ ICU বিভাগত কৰ্মৰত আছিল নাৰ্ছ গৰাকী। এই ঘটনাৰ পাছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে লগতে উদ্ধাৰ কৰে এখন চুইচাইড নোটা। চুইচাইড নোটৰ ওপৰত ভিত্তি কৰিয়েই আজি কামৰূপ আৰক্ষীয়ে আটক কৰে দুইৰাকী নাৰ্ছ সহ এগৰাকী চিকিৎসক। আটক হোৱা নাৰ্ছ দুগৰাকী নিৱেদিতা নাথ আৰু ছেহনাজ আখটাৰ লগতে আটক হোৱা চিকিৎসক গৰাকী শোভনা ৰাও বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, এই পৰ্যন্ত মহিলা গৰাকীৰ পৰিয়ালে দাখিল কৰা নাই এজাহাৰ। GNRCয়ে আৰক্ষীক অৱগত কৰা বিষয়ৰ ওপৰত ভিত্তি কৰিয়েই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে।