ৰাজ্যৰ বিভিন্ন দল-সংগঠনে বাংলাদেশৰ পৰা এতিয়াও অবাধে বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত প্ৰৱেশ কৰি আছে বুলি সময়ে সময়ে অভিযোগ কৰি অহাৰ মাজতে ২০ আৰু ২১ জুলাই এই দুটা দিনত ভাৰত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা আৰু নিৰাপত্তাৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনীয়ে (BSF) চুবুৰীয়া পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ সেউতি গাঁৱৰ সীমান্তৰে অসমৰ ধুবুৰী জিলাত প্ৰৱেশ কৰিব বিচৰা দহজন বাংলাদেশীক আটক কৰে। BSFৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি আটক হোৱা দহজন বাংলাদেশীৰ ভিতৰত আছে চাৰিটা শিশু, তিনিজনকৈ পুৰুষ আৰু মহিলা। ধৃত আটাইকেইজন বাংলাদেশীক ২১ জুলাইত বিয়লি কোচবিহাৰ জিলাৰ সংশ্লিষ্ট এলেকাৰ স্থানীয় আৰক্ষী থানাত বিএছএফে গতাই দিয়ে।
জানিব পৰা মতে ধৃত বাংলাদেশীকেইজনক BSF ধৰিব নোৱাৰিলে কোচবিহাৰৰ পৰা মাত্র এক ঘণ্টাতকৈ কম দূৰত্বৰ তথা সংখ্যালঘু অধ্যুষিত জিলা হিচাপে পৰিচিত ধুবুৰীত অতি সহজে প্ৰৱেশ কৰাৰ আশংকা আছিল। ইফালে, কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহে পূৰ্বতেও আশংকা কৰা ধৰণে PFI, CFI, JMBকে ধৰি কেইবাটাও ভাৰত বিৰোধী ইছলামিক মৌলবাদী সংগঠনে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা বাংলাদেশী মুছলমান সকলক অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, আনকি ৰেচন কাৰ্ডপৰ্যন্ত প্রস্তুত কৰি দি তেওঁলোকক ভাৰতীয় নাগৰিক হিচাপে প্ৰতিপন্ন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।