মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছে বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ বাবে প্ৰস্তুতি চলাই থকা অসম কন্যা লাভলীনা বৰগোহাঁইয়ে। উল্লেখ্য যে, কমনৱেলথ গেমছলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা সময়তে ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া বক্সাৰগৰাকীয়ে প্ৰশিক্ষণৰ সময়ত মানসিক হাতাশাত ভোগাৰ কথা সদৰী কৰে।
এক টুইটযোগে লাভলীনাই নিজৰ মানসিক হতাশাৰ বিষয়ে উল্লেখ কৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। খেলৰ ঠিক আগমুহূৰ্তত অলিম্পিক পদক বিজয়ী গৰাকীক প্ৰশিক্ষণৰ নামত মানসিক নিৰ্যাতন চলোৱা ঘটনাক লৈ বিভিন্ন জনে বিভিন্ন ধৰণে মত ব্যক্ত কৰিছে।
লাভলীনাই তেওঁৰ টুইটত লিখিছে, ‘অতি দুখৰ সৈতে মই জনাইছো যে মোৰ প্ৰশিক্ষকসকলক অপসাৰণ কৰাৰ বাবে মই অহৰহ হাৰাশাস্তিৰ সন্মুখীন হৈছো। মোৰ দেশৰ বাবে অলিম্পিকৰ পদক লাভ কৰাত সহায় কৰা মোৰ প্ৰশিক্ষকসকলক অহৰহ আঁতৰাই পেলোৱাটোৱে প্ৰতিযোগিতাখনৰ বাবে মোৰ প্ৰশিক্ষণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাইছে।’
লাভনীলাই পুনৰ লিখিছে, “তাৰ ভিতৰত এজন হৈছে দ্ৰোণাচাৰ্য বঁটা বিজয়ী সন্ধ্যা গুৰুংজী। মোৰ দুয়োজন প্ৰশিক্ষকক শেষ মুহূৰ্তত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত অগণন বাৰ অনুৰোধ কৰিবলগীয়া হৈছিল, আনকি প্ৰশিক্ষণ শিবিৰতো। এই মুহূৰ্তত মোৰ প্ৰশিক্ষক সন্ধ্যা গুৰুং আনকি কমনৱেলথ গেমছ ভিলেজতো নাই কাৰণ তাই এতিয়াও প্ৰৱেশ লাভ কৰা নাই। যাৰ ফলত খেললৈ মাত্ৰ ৮ দিন বাকী থকা অৱস্থাত মোৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছে। মোৰ দ্বিতীয় প্ৰশিক্ষককো ভাৰতলৈ ঘূৰাই পঠিওৱা হৈছে।’
অলিম্পিক বিজয়ী বক্সাৰগৰাকীয়ে আগলৈ লিখিছে, “ইমানখিনি অনুৰোধ কৰাৰ পিছতো এনেকুৱা হৈয়েই আছে আৰু ইয়াৰ ফলত মোৰ মানসিক হাৰাশাস্তি হৈছে। এইটো যদি স্থায়ী হৈ থাকে তেন্তে মই মোৰ খেলত কেনেকৈ মনোনিৱেশ কৰিম সেয়া মই বুজি নাপাওঁ৷ এই কাৰণেই বিশ্ব চেম্পিয়নশ্বিপত মোৰ প্ৰদৰ্শন ঠিক নাছিল। আৰু মই নিবিচাৰো যে এই ৰাজনীতিয়ে মোৰ কমনৱেলথ গেমছৰ সম্ভাৱনা নষ্ট কৰক। আশাকৰোঁ মই এই ৰাজনীতিৰ গণ্ডীৰ পৰা মুক্ত হৈ মোৰ দেশৰ বাবে পদক আজুৰিব পাৰিম।’
উল্লেখ্য যে, অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ লাভলীনা বৰগোহাঁইয়ে সম্প্ৰতি বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ বাবে প্ৰস্তুতি চলাই আছে। কিন্তু প্ৰস্তুতিৰ মাজতে লাভলীনাই নিজেই ব্যক্ত কৰা উদ্বেগে বক্সাৰগৰাকীৰ মনোবল বহু পৰিমাণে হ্ৰাস কৰাটো স্বাভাৱিক।