ডিব্ৰুগড়ৰ লেপটকটা বাগিচাৰ কলঘৰত কাম কৰি থাকোতে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা মইনা নায়ক ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰা প্ৰতিক্ৰিয়া মাৰ নৌযাওতে অনুৰূপ এক ঘটনা সংঘটিত হৈছে মৰিয়নিৰ চেলেং চাহ বাগিছাত।
চেলেং চাহ বাগিছাৰ ৪ নম্বৰ লাইনৰ মদন পাতৰ নামৰ এজন ১৭ বছৰীয়া কিশোৰ শ্ৰমিকে বাগিছাৰ গেছ পাইপ লাইনত কাম কৰি থাকোতেই এক দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰে যুঁজিবলগীয়ৈ হৈছে। চেলেং চাহ বাগিছাৰ এডাল গেছ পাইপৰ বিস্ফোৰণ হোৱাৰ ফলত মদন পাতৰ গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়।
উল্লেখ্য যে ১৭ বছৰীয়া মদন পাতৰে ৩ মাহ পূৰ্বে চেলেং বাগিছাৰ ফেক্ট্ৰৰিত কয়লাৰ গেছ পাইপৰ কৰ্মচাৰী হিচাপে যোগদান কৰিছিল। কিন্ত ভয়ংকৰ দুৰ্ঘটনাৰ পিছতো মদন পাতৰৰ পৰ্যাপ্ত চিকিৎসাৰ ব্যৱস্থা নকৰিলে চেলেং চাহ বাগিছা কতৃপক্ষই। এজন ভাল চিকিৎসক বিচাৰি হাবাথুৰি খাইছে দৰিদ্ৰ মদনৰ পৰিয়ালে। চাহ জনগোষ্ঠীয় মন্ত্ৰী, বিধায়ক, নেতা কাৰেৱোই যেন সময় নাই মদৰ পাতৰৰ এটা খবৰ ল’বলে।