২০২২ চনৰ কমনৱেলথ গেমছ ২৮ জুলাইৰ পৰা বাৰ্মিংহামত আৰম্ভ হ’ব। কমনৱেলথ গেমছত ভাৰতৰ হৈ অসমৰ লাভলীনা বৰহোঁহাইয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব আৰু তাৰবাবে ইতিমধ্যেই ভাৰতৰ আন আন প্ৰতিযোগীৰ লগত Commonwelth Games Villageত লাভলীনা উপস্থিত হৈছেগৈ। কিন্তু টকিঅ’ অলিম্পিকত পদক বিজয়ী লাভলীনাই কমনৱেলথ গেমছৰ পূৰ্বে মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি সোমবাৰে এক দীঘলীয়া টুইট কৰিছিল। লাভলিনাই বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ (বিএফআই) বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কৈছিল যে সংগঠনটোৰ ভিতৰুৱা ৰাজনীতিৰ বাবে তেওঁৰ প্ৰশিক্ষকক কমনৱেলথ গেমছ ভিলেজত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাই।
লাভলিনাই দাবী কৰিছিল যে তেওঁৰ প্ৰশিক্ষকৰ “নিৰন্তৰ হাৰাশাস্তি”ৰ বাবে কমনৱেলথ গেমছৰ বাবে তেওঁৰ প্ৰস্তুতিত বাধা আহি পৰিছে। সন্ধ্যা গুৰুঙ ভাৰতীয় দলৰ সহকাৰী প্ৰশিক্ষকো। প্ৰতিযোগিতাৰ কেইদিনমান আগতে তেওঁক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছিল। দেওবাৰে বাৰ্মিংহামত তেওঁ উপস্থিত হোৱাৰ পিছত, তেওঁক গেমছ ভিলেজত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল কিয়নো তেওঁৰ প্ৰয়োজনীয় স্বীকৃতি নাছিল যাৰ ফলত বিতৰ্কৰ সৃষ্টি হৈছিল।
অৱশ্যে আজি লাভলীনাৰ প্ৰশিক্ষক সন্ধ্যা গুৰুঙক ভাৰতীয় অলিম্পিক সংস্থাই বিশেষ পদক্ষেপ লৈ Commonwelth Games Villageত প্ৰৱেশৰ ব্যৱস্থা কৰি দিয়ে। ভাৰতীয় অলিম্পিক সংস্থাৰ এজন বিষয়াই কয় যে, “সন্ধ্যাক আজি ৰাতিপুৱা বক্সিং গেমছ ভিলেজলৈ অনা হৈছিল আৰু এক্ৰিডিটেশ্যন দিয়া হৈছে। তেওঁ এতিয়া দলটোৰ সৈতে আছে।”