আজি বিজেপি সাংসদসকলে সংসদ ভৱনৰ বাহিৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। SSC নিযুক্তি কেলেংকাৰীৰ লগত পশ্চিমবংগৰ কেবিনেট মন্ত্ৰী পাৰ্থ চেটাৰ্জী জড়িত থকাৰ অভিযোগত বিজেপি সাংসদ সকলে হাতে হাতে প্লে কাৰ্ড লৈ তৃণমূল কংগ্ৰেছ আৰু দুৰ্নীতি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি আদি শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে , পশ্চিমবংগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীক SSC নিযুক্তি কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত EDয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে পশ্চিমবংগ বিজেপি নেতাসকল।