মঙলবাৰে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে নগৰখনৰ মাজ মজিয়াতে সাংস্কৃতিক মন্ত্রী বিমল বৰাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিহুক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।
উল্লেখ্য যে, মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্রাহীম মহম্মদ চলিহ দিল্লীলৈ অহাৰ সময়ত দিল্লীৰ পালম বিমান বন্দৰত বিহুৰে তেওঁক আদৰণি জনোৱা হয়। কিন্তু, আদৰণি জনোৱা সময়ত সাজ পোচাকৰ পৰা বিহুৰ শৈলীলৈকে সকলোবোৰ বিকৃত ৰূপত উপস্থাপন কৰা হৈছিল। সেয়ে, ৰাজ্যৰ সাংস্কৃতিক মন্ত্রী বিমল বৰাৰ পুত্তলিকা দাহ কৰে অসমীয়া যুৱ মঞ্চই।