গোলাঘাটৰ জীয়ৰী নয়নমণি শইকীয়াই বাৰ্মিংহাম Commonwealth Gamesত লন বলত দখল স্বৰ্ণ পদক দখল কৰি ইতিহাস ৰচিলে। মঙ্গলবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ চূড়ান্ত মেচখনত ভাৰতীয় মহিলা দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰি স্বৰ্ণ জয় কৰে।
লন বলত সফলতা লাভ কৰা ভাৰতীয় মহিলা দলটোৰ খেলুৱৈ চাৰিগৰাকী হ’ল লাভলী চৌবে, পিংকী, নয়নমণি শইকীয়া আৰু ৰূপা ৰাণী তিৰ্কী।
অসম চৰকাৰৰ বন বিভাগত কৰ্মৰত সৰুপথাৰৰ জীয়ৰী নয়নমণি শইকীয়াই তৃতীয়বাৰৰ বাবে Commonwealth Gamesত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ গ্লাছগ’ আৰু গলকোষ্টত অনুষ্ঠিত কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছিল।
উল্লেখ্য যে Commonwealth Gamesত অসমৰ আৰ্চাৰ জয়ন্ত তালুকদাৰে ব্ৰঞ্জৰ পদক লাভ কৰাৰ সুদীৰ্ঘ প্ৰায় ১২ বছৰৰ অন্তত পুনৰ অসমৰ খেলুৱৈয়ে পদক জয় কৰিবলৈ সক্ষম হৈছে।