বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকাই ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে। সত্ৰীয়া আৰু ওডিছী নৃত্যৰ বিশাৰদ গৰিমা হাজৰিকাই দেশৰ বিভিন্ন স্থানত নৃত্য পৰিৱেশন কৰি সুনাম অৰ্জন কৰিছিল।
গৰিমা হাজৰিকাৰ জন্ম হৈছিল ১৯৩৯ চনৰ ২৭ এপ্ৰিলত গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল। ৫ গৰাকী ভাই-ভনীৰ ভিতৰত কনিষ্ঠতম গৰিমা হাজৰিকাই ১৯৬১ চনত হেণ্ডিক গাৰ্লছ কলেজৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।
গুৱাহাটী মহানগৰীত গৰিমা হাজৰিকাই মিতালী কলাকেন্দ্ৰ স্থাপন কৰি সত্ৰীয়া আৰু ওডিছী নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল। বিশিষ্ট নৃত্য পটিয়সী গৰাকী আছিল অসমীয়া ছবি জগতৰ এগৰাকী চিনাকী কলা নিৰ্দেশক তথা কৰিঅ’গ্ৰাফাৰ। সেন্দূৰকে ধৰি কেইবাখনো ছবিত তেওঁ কলা নিৰ্দেশনাৰ লগতে কৰিঅ’গ্ৰাফী কৰিছিল।
তেওঁ ২০০৬ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰাৰ উপৰিও অসম সাহিত্য সভা, অসম নাট্য সন্মিলনীয়ে তেওঁক প্ৰদান কৰিছিল বিশেষ সন্মান। অসমৰ ভ্ৰাম্যমাণ জগতৰ নৃত্য নাটিকাৰ ক্ষেত্ৰটো গৰিমা হাজৰিকাই আনিছিল আমূল পৰিৱৰ্তন।