অসম সীমা সুৰক্ষা তথা উন্নয়ন মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত দীৰ্ঘদিন ধৰি চলি অহা অসম-মিজোৰাম সীমান্তৰ বিবাদ সন্দৰ্ভত এখন বৈঠক ৯ আগষ্টত অনুষ্ঠিত হ’ব। মিজোৰাম ভ্ৰমণ কৰিব অসমৰ এটি পাঁচজনীয়া দলে য’ত দুয়োখন ৰাজ্যৰে চৰকাৰী প্ৰতিনিধি সকলে ভাগ ল’ব। অসমে চুবুৰীয়া ৰাজ্য মিজোৰামৰ সৈতে প্ৰায় ১৬৪.৬ কিলোমিটাৰ পৰিসৰৰ সীমা ভগাই লয় যাৰ বাবে বিগত বৰ্ষ কেইটাত কেইবাটাও বিবাদ সংঘটিত হৈছে।
মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত যাব লগীয়া এই দলটোৰ সৈতে থাকিব অসমৰ গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী অশোক সিংহাল আৰু অসম সীমা সুৰক্ষা তথা উন্নয়ন বিভাগৰ উপায়ুক্ত আৰু সচিব জিডি ত্ৰিপাঠী আনহাতে মিজোৰামৰ দলটোৰ নেতৃত্বত থাকিব ৰাজ্যখনৰ গৃহমন্ত্ৰী লালচামলিনা। ২০২১ চনৰ আগষ্ট মাহতেই অসম-মিজোৰামৰ সীমা বিবাদ সন্দৰ্ভত এলানি দীঘলীয়া আলোচনা হৈছিল মিজোৰামৰ ৰাজধানী আইজল চহৰত।
উল্লেখ্য যে, দুয়ো ৰাজ্যৰ চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে মোতায়েন কৰিবলৈ লোৱা নিৰপেক্ষ সুৰক্ষাকৰ্মীৰ সিদ্ধান্তত মান্তি হৈছে বুলি জানিব পৰা গৈছে।