আজি পুৱতি নিশা প্ৰায় ৩ বজাৰ পৰা ৫ বজালৈকে মুঠ তিনিটাকৈ সেনাৰ শিবিৰত আক্ৰমণ চলালে আলফা আৰু NSCN এ। ভাৰত-ম্যানমাৰ সীমান্তৰ লগতে আৰুণাচলৰ নকনৌ আৰু পাংচুপাছৰ সেনাৰ শিবিৰত মৰ্টাৰেৰে আক্ৰমণ সংঘটিত কৰিছে সংগঠন দুটাই। আনহাতে নাগালেণ্ডৰ চেৰামতাতো সংঘটিত কৰিছে আক্ৰমণ।
উক্ত ঘটনাত এজন সেনা নিহত হোৱাৰ তথ্য লাভ কৰা হৈছে যদিও এই পৰ্যন্ত কোনো ক্ষয় ক্ষতিৰ আনুষ্ঠানিক তথ্য প্ৰকাশ হোৱা নাই যদিও হতাহতৰ সংখ্যা কেইবাজনলৈও বৃদ্ধি হোৱাৰ খবৰ পোৱা গৈছে। পুৱতি নিশা প্ৰথমে মৰ্টাৰেৰে আক্ৰমণ কৰাৰ পিছতেই দুয়োপক্ষৰ মাজত আৰম্ভ হয় প্ৰচণ্ড গুলীয়াগুলী।
বৰ্তমান তিনিওটা অঞ্চলতে সেনাই আলফা আৰু NSCNৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান। উল্লেখ্য যে স্বাধীনতাৰ দিৱসৰ প্ৰাকক্ষণত ULFA (I) আৰু NSCN ৰ সক্ৰিয়তাই বহু কেইটা দিশ উন্মোচন কৰিছে। এফালে অসমৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত আলফাৰ সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়াৰ কথা চলি থকাৰ বিপৰীতে নাগা সমস্যা সমাধানাৰ বাবেও শান্তি আলোচনাৰ প্ৰক্ৰিয়া চলি আছে। তাৰ মাজতে এইদৰে সংগঠন দুটাই সংঘটিত কৰা এই কাৰ্যই শান্তি আলোচনাৰ প্ৰক্ৰিয়াটোক বুমেৰাং কৰি তুলিছে।