দেশৰ ৰাজনীতি গৰম কৰি পতনৰ দিশে আগবাঢ়িছে বিহাৰৰ চৰকাৰ। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে তেওঁৰ মন্ত্ৰীসভাক পদত্যাগৰ নিৰ্দেশ প্ৰদান কৰি চৰকাৰ ভংগৰ সকলো পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে।
আজি তেওঁ ৰাজ্যপালক সাক্ষাতৰ বাবেও সময় বিচাৰিছে। আনহাতে নীতিশ কুমাৰৰ JDUৱে RJD আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা গঢ়ি তোলাৰ বাট মুকলি কৰিছে। নীতিশ কুমাৰক মুখ্যমন্ত্ৰী হিচাপে লৈ এই তিনিওটা দলে মিলি নতুনকৈ বিহাৰত মৰ্চা চৰকাৰ গঠন কৰাৰ কুচকাৱাজ চলিছে। আজি বিয়লি নীতিশ কুমাৰে ৰাজ্যপালক সাক্ষাত কৰি পদত্যাগ পত্ৰ দাখিল কৰাৰ লগতে মৰ্চা চৰকাৰ গঠনৰ বিষয়েও অৱগত কৰিব। একেদৰে তেজস্বী যাদৱেও সাক্ষাত কৰিব ৰাজ্যপালক।
উল্লেখ্য যে, নীতিশ কুমাৰে আজিৰ পৰা ঠিক ৫ বছৰ পূৰ্বেও এইদৰে মিত্ৰতা ভংগ কৰি দেশৰ ৰাজনীতিত আলোড়ৰ সৃষ্টি কৰিছিল। নীতিশ কুমাৰৰ JDUৱে RJDৰ সৈতে মিত্ৰতা ভংগ কৰি NDAৰ অংশীদাৰ হৈছিল। ২০১৭ চনত RJDৰ সৈতে মিত্ৰতাৰে চৰকাৰ চলাই থকা নীতিশ কুমাৰে হঠাত RJDৰ সৈতে তেওঁৰ JDUৰ মিত্ৰতা ভংগ কৰি NDAৰ অংশীদাৰ হৈছিল। সেই সময়ত লালু প্ৰসাদ যাদৱৰ পুত্ৰ তথা RJDৰ নেতা তেজস্বী যাদৱ আছিল নীতিশ কুমাৰৰ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী। এইদৰেই নীতিশ কুমাৰে সুবিধা পালেই মিত্ৰতা সলনি কৰি বিহাৰৰ শাসন নিজৰ হাতত ৰাখি আহিছে।