‘স্বাধীনতাৰ ৭৫তম বৰ্ষ উপলক্ষে সমগ্ৰ দেশতে উদযাপন কৰা হ’ব ‘ঘৰে ঘৰে ত্ৰিৰংগা’ কাৰ্যসূচী। এই কাৰ্যসূচীক লৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। জানিব পৰা মতে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ অন্তৰ্গত প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে পাইকাৰী দৰত ক্ৰয় কৰিছে ৰাষ্ট্ৰীয় পতাকা। এই পতাকাৰ বাবদ বিষয়া-কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা ৫০ টকাকৈ কৰ্তন কৰা হ’ব।
উল্লেখ্য যে, উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৫৭,৭৭০ গৰাকী বিষয়া-কৰ্মচাৰী কৰ্মৰত হৈ আছে। এইসকল বিষয়া-কৰ্মচাৰীলৈ পতাকা ক্ৰয়ৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই মুঠ ২৮,৮৮,৫০০ টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে। জানিব পৰা মতে, চলিত মাহৰ দৰমহাৰ পৰাই কৰ্তন হ’ব এই ৫০ টকা।
ইতিমধ্যেই উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ক্ৰয় কৰিছে ৰাষ্ট্ৰীয় পতাকাসমূহ। সংবাদ মাধ্যমক এই কথা জনালে উত্তৰ-পূব সীমান্ত ৰে’লৱে মহাপ্ৰৱন্ধক আঞ্চুল গুপ্তাই।