মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত কিছু নিয়মৰ পৰিৱৰ্তন কৰা হৈছে। প্ৰায় ৭০ বছৰতকৈও অধিক সময়ৰ পিছত মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ ইয়াৰ বাছনি প্ৰক্ৰিয়াত ডাঙৰ পৰিৱৰ্তন কৰা দেখা গৈছে।
অহা বছৰৰ পৰা মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত বিবাহিত মহিলা আৰু মাতৃ সকলক আবেদন কৰিবলৈ অনুমতি দিয়া হ’ব। আগতে, কেৱল ১৮ ৰ পৰা ২৮ বছৰ বয়সৰ অবিবাহিত মহিলা, যি কেতিয়াও বিয়া হোৱা নাই বা সন্তান হোৱা নাই তেওঁলোকক আবেদন কৰিবলৈ অনুমতি দিয়া হৈছিল।
এতিয়া এই প্ৰতিযোগিতাত মাতৃ আৰু বিবাহিত মহিলাসকলৰ বাবে অধিক অন্তৰ্ভুক্ত আশা কৰা হৈছে। নতুন নিয়মবোৰ ২০২৩ চনত অনুষ্ঠিত হ’বলগীয়া ৭২ তম প্ৰতিযোগিতাৰ বাবে কাৰ্যকৰী হ’ব।