হৃদৰোগত আক্ৰান্ত জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱক ভৰ্তি কৰোৱা হৈছে দিল্লীৰ এইম্ছ হাস্পতালত। বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, জিমলৈ গৈ ট্ৰেডমিলত খোজকাঢ়ি থকা অৱস্থাতে বুকুৰ যন্ত্ৰণা অনুভৱ কৰে কমেডিয়ান আৰু উত্তৰ প্ৰদেশৰ ফিল্ম ব’ৰ্ডৰ অধ্যক্ষগৰাকীয়ে। লগে লগে তেওঁক এইম্ছ হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিৎসক নীতিশ ন্যায়ৰ তত্বাৱধানত চিকিৎসা চলি আছে ৰাজু শ্ৰীৱাস্তৱৰ।
ৰাজু শ্ৰীবাস্তৱৰ ভাতৃ আশিস শ্ৰীবাস্তৱে জনায়, ৰাজনৈতিক নেতাক সাক্ষাৎ কৰিবলৈ মুম্বাইলৈ গৈছিল ৰাজু। বুধবাৰে পুৱা জিম কৰি থাকোতেই তেওঁ অসুস্থ হৈ পৰে। হাস্পতাললৈ নিয়াৰ পিছতে তেওঁ সুস্থ হয় আৰু বৰ্তমান তেওঁ বিপদমুক্ত বুলি জনাইছে ৰাজুৰ ভাতৃয়ে।