শিশু সাহিত্যিক অভিজিৎ শৰ্মা বৰুৱালৈ ‘অকনি সাহিত্য সভা’ই আগবঢ়াইছে ২০২২ চনৰ অসমীয়া শিশু সাহিত্য বঁটা ৷ শিশু সকলৰ উপযোগীকৈ বিশ্বৰ বিখ্যাত লোকৰ কেইবাখনো জীৱনী গ্ৰন্থ ৰচনা কৰাৰ উপৰিও তেওঁ বিজ্ঞানভিত্তিক বহুতো গ্ৰন্থ ৰচক অভিজিত শৰ্মা বৰুৱা।
বিজ্ঞানৰ নানা কথা, বিজ্ঞানৰ অভিনৱ জগতখন, পৰিৱেশবিদ কেইজনমান প্রখ্যাত ভাৰতীয়, কল্পবিজ্ঞানৰ গল্প নতুন পৃথিবী, নেন’- পৰৱৰ্তী বিপ্লৱ, দুটাকৈ খণ্ডত ২০২ টা বিজ্ঞান পৰীক্ষা, বিদ্যুতৰ বিচিত্র কাহিনী, বিজ্ঞানৰ পৰীক্ষা, কল্পবিজ্ঞান উপন্যাসিকা সংকলন দ্বিতীয় তাজমহল, উপন্যাস ৰিংকু, মাইনী আৰু ইটো সিটো বহুতো, এক অনন্য শক্তি- বিদ্যুৎ, এলবাৰ্ট আইনষ্টাইন, আইজাক নিউটন, গেলিলিও গেলিলি, মেৰী আৰু পিয়েৰী কুৰী, টমাছ আলভা এডিছন, আর্কিমিডিছ, চার্লছ ডাৰউইন, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্রসাদ আগৰৱালা, ভূপেন হাজৰিকা, মামণি ৰয়ছম গোস্বামী, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সর্বপল্লী ৰাধাকৃষ্ণন, মাদাৰ টেৰেছা, স্বামী বিবেকানন্দ, আব্দুল কালাম,আকাশী গংগা বিচৰা নাই ড০ ভূপেন হাজৰিকা, তপস্বিনী মামণি ৰয়ছম গোস্বামী, মহাবীৰ লাচিত, বীৰ চিলাৰায়, ছায়েন্স প্রজেক্ট, ছাত্র-ছাত্রীৰ গাইড, বল্লভ ভাই পেটেল. ৰবীন্দ্রনাথ ঠাকুৰ. মৌলামা আব্দুল কালাম আজাদ আদি গ্ৰন্থ ৰচনা কৰি শিশুৰ জ্ঞান প্ৰদান কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহনা আগবঢ়াইছে বৰুৱাই৷
ইছ জি ৱেলছৰ অদৃশ্য মানুহজন, মেৰী ছেলীৰ ফ্রেংকেনষ্টেইন, জুল ভার্ণৰ ৰহস্যময় দ্বীপ, এইছ জি ৱেলছৰ- দুই জগতৰ যুদ্ধ আদি কালজয়ী সাহিত্য তেখেতে অনুবাদ কৰিছে। বিজ্ঞানক জনপ্ৰিয় কৰাত অগ্ৰণী ভূমিকা লোৱা অভিজিত শৰ্মা বৰুৱা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ জ্যেষ্ঠ বিষয়া হোৱাৰ লগতে তেওঁ অসম বিজ্ঞান সমিতি সম্পাদনা বিভাগৰ লগতো জড়িত হৈ আছে।
অকনি সাহিত্য সভাই ইয়াৰ পূৰ্বে ২০১৪ চনত দীলিপ কুমাৰ বৰুৱা, ২০১৫ চনত শশীন্দ্ৰ কুমাৰ অধিকাৰী, ২০১৬ চনত বীণা শৰ্মা, ২০১৭ চনত যুগললোচন দাস, ২০১৮ চনত নূপুৰ মোমাইদেউ, ২০১৯ চনত ৰঞ্জু হাজৰিকা, ২০২০ চনত দ্বিজেন নাথক, ২০২১ চনত ৰথীন্দ্ৰ নাথ গোস্বামীলৈ এই অসমীয়া শিশু সাহিত্য বঁটা প্ৰদান কৰিছিল৷