স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইঘন্টা মান বাকী। প্ৰস্তুতিও বৰ্তমান প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ দায়িত্ব তথা স্থান ইতিমধ্যে মন্ত্ৰীসকলক নিৰ্দিষ্ট কৰি দিয়া হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰাস্থিত খেলপথাৰত পতাকা উত্তোলন কৰিব। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব কামৰূপ জিলাত। কাছাৰ জিলাত পতাকা উত্তোলন কৰিব মন্ত্ৰী পৰিমন শুক্লবদ্যই। আনহাতে, গোলাঘাটত মন্ত্ৰী কেশৱ মহন্তই, ধুবুৰীত ৰণুজ পেগুৱে, শোণিতপুৰত অশোক সিংঘলে, লখিমপুৰত মন্ত্ৰী যোগেন মোহনে, দৰং জিলাত সঞ্জয় কৃষাণে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব।
বঙাইগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ডিব্ৰুগড়ৰ স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰিব মন্ত্ৰী অতুল বৰাই। আনহাতে বিশ্বনাথত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব মন্ত্ৰী ওৰখাও গৌৰা ব্ৰহ্মই। তদুপৰি মন্ত্ৰী পিযুষ হাজৰিকাই নগাঁৱত, অজন্তা নেওগে যোৰহাটত, বিমল বৰাই শিৱসাগৰত, নন্দিতা গৰলোচাই বৰপেটাত আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰী জিলাত স্বাধীনতাৰ পতাকা উত্তোলন কৰিব।