ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানী তথা তেওঁৰ পৰিয়াললৈ ফোনযোগে ভাবুকি। ৰিলায়েঞ্চ ফাউণ্ডেচন হাস্পতাললৈ আজি পুৱা ১০.৩০ মানত কোনো অজ্ঞাত ব্যক্তিয়ে ফোনযোগে মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালক ফোনযোগে ভাবুকি প্ৰদান কৰে। ইতিমধ্যে হাস্পতাল কৰ্তৃপক্ষই এই ঘটনাক লৈ স্থানীয় ডি বি মাৰ্গ আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছে।
দুষ্কৃতিকাৰীয়ে হাস্পতালখনলৈ ৩ বাৰকৈ ফোন কৰা বুলি সূত্ৰত প্ৰকাশ। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰি এজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই জনোৱা মতে,, আণ্টিলিয়াৰ বাহিৰত নিৰাপত্তাৰক্ষী বৃদ্ধি কৰা হ’ব। তেওঁলোকৰ ব্যক্তিগত নিৰাপত্তা ব্যৱস্থা ইতিমধ্যে বৃদ্ধি কৰা হৈছে।