ভাৰতে স্বাধীনতা লাভ কৰা ৭৫টা বৰ্ষ সম্পূৰ্ণ কৰা উপলক্ষে সমগ্ৰ দেশবাসীয়ে আজাদি কা অমৃত মহোৎসৱ পালন কৰাৰ লগতে, ‘হৰ ঘৰ ত্ৰিৰংগা’ নামৰ এক অভিযানো চলি আছে। সেইদৰে ৭৫ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫ জন শিল্পীয়ে দেশপ্ৰেমমূলক গীত ‘জয় হে ২.০’ গীতটি গাবলৈ একত্ৰিত হয়। আশা ভোছলে, কুমাৰ চানু আৰু হৰিহৰণ, সৌৰেন্দ্ৰ মালিক আৰু সৌম্যজী দাস যি সৌৰেন্দ্ৰ–সৌম্যজী বুলি পৰিচিত, তেওঁলোকে ‘জয় হো ২.০’ ভাৰ্চনটো নিৰ্মাণ কৰিছে আৰু এই গীতটিত সুৰ দিয়াৰ লগতে নিৰ্দেশনাও কৰিছে।
তথ্য মতে, ‘জয় হো ২.০’ ১৯১১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা ‘ভাৰত ভাগ্য বিধাতা’ ওৰফে ‘জন গণ মন’ৰ সম্পূৰ্ণ পাঁচটা শ্লোকৰ উপস্থাপনৰ এটা গীত। মন কৰিবলগীয়া -যে, এই গীতটো অম্বুজা নেওটিয়া গোটে উপস্থাপন কৰিছে যাৰ বাবে সমগ্ৰ দেশৰ ৭৫ জন বিখ্যাত গায়কে তেওঁলোকৰ সুমধুৰ কণ্ঠ প্ৰদান কৰিছে।
এই গীতটিক অসমৰ পাপন অংগৰাগ মহন্ত, আশা ভোচলে, আমজাদ আলি খান, হৰি প্ৰসাদ চৌৰচিয়া, হৰিহৰণ, ৰাশিদ খান, অজয় চক্ৰবৰ্তী, শুভা মুদ্ৰল, অৰুণ চাইৰাম, এল চুব্ৰমণ্যম, বিশ্ব মোহন, অনুপ জলোটা, পাৰবিন চুলতানা, কুমাৰ চানু, শিবমণি, বোম্বে জয়শ্ৰী, উদিত নাৰায়ণ, অলকা য়াগনিক, মোহিত চৌহান, চান, কৈলাশ খেৰ, সাধনা চৰগম, শান্তনু মৈইত্ৰা, সেল্ব গণেশ, কৌশিক চক্ৰবৰ্তী, শ্ৰেয়া ঘোষাল, মহেশ কালে, আমান আলী বংগশ, টেটসো চিস্টৰ্চ, অমৃত ৰামনাথ, ঔংকাৰ ধুমল, ৰিদম শ্ব’আৰু অম্বী চুব্ৰমণ্যমে আদিকে ধৰি ৭৫ জন গায়কে কণ্ঠ দি সুমধুৰ কৰি তুলিছে।