বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বুধবাৰে আহ্বান জনাইছে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন। বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই এদিনীয়া অধিৱেশনসন্ধিয়া ৭ বজাত অন্ত পৰিব। তথ্য অনুসৰি, এই অধিৱেশনৰ বাবে ৪ ঘণ্টীয়া কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছে।
দেশে স্বাধীনতা লভাৰ ৭৫ বছৰ অতিক্ৰম কৰি ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে। এবছৰ ধৰি উদযাপন হোৱা আজাদি কা অমৃত মহোৎসৱ তথা তিনিদিনীয়াকৈ অনুষ্ঠিত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসসূচী সন্দৰ্ভতে অধিৱেশনত আলোচনা কৰা হ’ব।
অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰা অনুসৰি অধিৱেশনত বিধায়কসকলে দেশৰ ইতিহাস সম্পৰ্কে বক্তব্য প্ৰদান কৰিব। ইয়াৰো পৰি দেশৰ বৰ্তমানৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়েও এই অধিৱেশনত স্থান লাভ কৰিব। অসম বিধানসভাৰ পুৰণি সদনত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে বুলিও প্ৰকাশ পাইছে।