গুৱাহাটী পৌৰ নিগমত এক বৃহৎ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দলে চলাই অভিযান। ভুৱা বিলেৰে টকা উলিয়াই নিয়া গোচৰ সন্দৰ্ভত চলিছে এই অভিযান। পুৱা ১১ বজাৰ পৰা ধাৰাবাহিক অভিযান চলাইছিল চি.এম. ভিজিলেন্সে।
উল্লেখ্য যে, জাৱৰ নিষ্কাশনৰ নামত ভুৱা বিলেৰে প্ৰায় ২০ কোটি টকা হৰলুকী কৰাৰ সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাত গোচৰ তৰিছিল পৌৰ আয়ুক্ত দেৱাশিস শৰ্মাই।
অভিযানত কি তথ্য পোৱা গল সেই সন্দৰ্ভত বিতংকৈ জানিব পৰা হোৱা নাই যদিও পৌৰ নিগমৰ কেইবাগৰাকীও বিষয়া, অভিযন্তাৰ দুৰ্নীতি পোহৰলৈ অহাৰ সম্ভাৱনা আছে।