ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ হ’ব CAA আন্দোলন। ছাত্ৰ নেতা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত তথা নেছ’ৰ উদ্যোগত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সন্থাই আৰম্ভ কৰিব CAA আন্দোলন। এই ক্ষেত্ৰত ড০ হীৰেণ গোঁহাইয়ে মন্তব্য কৰে যে ২০২০ চনতে শ্বহীদ হোৱা ৫ শ্বহীদৰ বৰ্তমানেও তদন্ত নহয়। নিজৰ দেশত অবৈধ বিদেশীৰ প্ৰৱেশত বাধা দিবৰ বাবে ওলাই আহিছিল হাজাৰ হাজাৰ জনতা। তাৰে মাজৰ ৫জন শ্বহীদ হৈছিল। কিন্তু সেই শ্বহীদৰ পৰিয়ালে আজিও ন্যায় নাপালে।
ন্যায়ালয়ে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে অন্তৱৰ্তীকালীন সাহায্য হিচাপে ১৮ বছৰ বয়সৰ ওপৰত ৩ লাখ টকা আৰু ১৮ বছৰ বয়সৰ তলৰ শ্বহীদক ২ লাখ টকাকৈ সাহায্য দিয়াৰ বাবে নিৰ্দেশ দিছিল। কিন্তু কভিড মহামাৰীৰ ফলত চৰকাকে তিনি বছৰে তদন্তৰ প্ৰতিবেদন আয়োগক দাখিল কৰিব নোৱাৰাৰ লগতে অন্তৱৰ্তীকালীন সাহায্য প্ৰদান নকৰিলে বুলি এক সংবাদমেলত ব্যক্ত কৰে ড০ হীৰেণ গোঁহাইয়ে।
দেশজুৰি হব লগা এই আন্দোলনৰ ক্ষেত্ৰত ছাত্ৰ নেতা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ব্যক্ত কৰে যে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।