বিলিনিয়াৰ উদ্যোগপতি আৰু আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিলৈ কেন্দ্ৰীয় চৰকাৰে CRPF কামাণ্ডোৰ ‘Z’ শ্ৰেণীৰ ভি.আই.পি. নিৰাপত্তা প্ৰদান কৰিছে। সৰ্বভাৰতীয় ‘Z’ শ্ৰেণীৰ ভিআইপি নিৰাপত্তা ব্যৱস্থা ‘মূল্য পৰিশোধ’ৰ ভিত্তিত দিয়া হ’ব আৰু প্ৰতিমাহে ইয়াৰ মূল্য ১৫–২০ লাখ টকা পৰ্যন্ত হ’ব বুলি ধাৰণা কৰা হৈছে।
জানিব পৰা মতে, কেন্দ্ৰীয় নিৰাপত্তা সংস্থাসমূহে উদ্যোগপতিগৰাকীৰ জীৱনলৈ ভাবুকি অহাৰ বিশেষ তথ্য লাভ কৰাৰ পাছতেই কেন্দ্ৰীয় তালিকাৰ অধীনত থকা নিৰাপত্তা ব্যৱস্থাটো তেখেতক প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (CRPF)ৰ ভিআইপি নিৰাপত্তা শাখাক আদানিক নিৰাপত্তা আগবঢ়োৱা কামটো আৰম্ভ কৰিবলৈ কয়।
এইখিনিতে উল্লেখ্য যে, ৰিলায়েঞ্চ ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীক ২০১৩ চনত কেন্দ্ৰীয় চৰকাৰে চিআৰপিএফ কমাণ্ডোসকলৰ ‘Z+’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিছিল। ইয়াৰ কিছু বছৰ পিছত তেখেতৰ পত্নী নীতা আম্বানীক ‘Y+’ নিৰাপত্তা প্ৰদান কৰা হয়।