যোৱা দুবছৰে ক’ভিড অতিমাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে অসমৰো ৰাইজক আর্থিক, শৈক্ষিক, সাংস্কৃতিক, স্বাস্থ্য আদি সকলো দিশতে জুৰুলা কৰিলে। ক’ভিডৰ সংক্রমণ ধীৰ গতিত তলে তলে চলি থকাৰ সময়তে অসমত আৰু এটা ভাইৰাচ জনিত ৰোগে আতংকৰ সৃষ্টি কৰিছে। এই ৰোগবিধ হ’ল জাপানীজ এনকেফেলাইটিছ। অৱশ্যে আজি কিছু বছৰৰ পৰা অসমত ইয়াৰ প্রাদুর্ভাব, বিশেষকৈ বাৰিষা কালত হোৱা দেখা গৈছে।
‘এনকেফেলাইটিছ’ শব্দটো গ্ৰীক ভাষাৰ পৰা লোৱা হৈছে। মূল শব্দটো হ’ল ‘এনকে ফিলচ’। ইয়াব অর্থ হ’ল “মগজু”। গতিকে মগজু ৰোগাক্ৰান্ত হৈ স্ফিত হৈ পৰিলে এনকেফেলাইটিছ হোৱা বুলি কোৱা হয়। এই ৰোগ ভাইৰাচ, বেক্টেৰীয়া বা আন পৰজীবি প্ৰাণীৰ কাৰণেও হ’ব পাৰে, কিন্তু জাপানীজ এনকেফেলাইটিছ এটা ভাইৰাচজনিত ৰোগ। ১৮৭০ চনত পোন প্রথমে জাপানত এই ৰোগৰ লক্ষণে দেখা দিছিল; কিন্তু ১৯২৪ চনতহে এই ৰোগৰ কাৰণ নিৰ্দ্ধাৰিত হৈছিল।
জাপানীজ এনকেফেলাইটিছ ৰোগ বিয়পোৱাৰ প্ৰধান কাৰক হ’ল মহ। আমি সাধাৰণতে দেখা কিউলেক্স প্ৰজাতিৰ মহবিধ যদি জাপানীজ এনকেফেলাইটিছ ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হৈ মানুহক কামোরে তেতিয়া মানুহৰ শৰীৰত এই ৰোগৰ উৎপত্তি হয়। দ্বিতীয় কাৰক হ’ল গাহৰি আৰু পথাৰত চৰি ফুৰা বগলী, কণামুচৰি আৰু পৰিভ্ৰমী চৰাইসমূহ। উল্লিখিত প্রাণীসমূহ এইবিধ ৰোগৰ দ্বাৰা আক্ৰান্ত নহয়, কিন্তু ইহঁতে শৰীৰত ভাইৰাচবিধ কঢ়িয়াই লৈ ফুৰে অর্থাৎ বাহক প্রাণী (carrier animals) হিচাবে কাম কৰে।
বাৰিষা কালত বিশেষকৈ বানৰ কবলত পৰা ঠাইসমূহৰ ঘৰ-দুৱাৰ, পথাৰ আদি পানীৰে উপচি পৰে, ফলত অনুকূল পৰিবেশত মহৰ সংখ্যাও বৃদ্ধি পায়। গৰু, ছাগলী, গাহৰি সকলো একাকাৰ হৈ পৰে। গতিকে
বাৰিষা কালত বিশেষকৈ বানৰ কবলত পৰা ঠাইসমূহৰ ঘৰ-দুৱাৰ পথাৰ আদি পানীৰে উপচি পৰে, ফলত অনুকূল পৰিবেশত মহৰ সংখ্যাও বৃদ্ধি পায়। গৰু, ছাগলী, গাহৰি সকলো একাকাৰ হৈ পৰে। গতিকে এই সময়তে এই ৰোগৰ প্রাদুর্ভাব হয়। কিউলেন্স প্রজাতিৰ মাইকী মহে (যিহেতু অকল মাইকী মহকহে সিহঁতৰ কণীবোৰ পৰিপক্ক হ’বলৈ তেজৰ দৰ্কাৰ হয়) যদি ভাইৰাচৰ দ্বাৰা আক্ৰান্ত গাহৰি বা পথাৰৰ বগৰী, কণামুচৰি আদি চৰাইৰ তেজ শুহি লৈ পিছত মানুহক কামোৰে তেতিয়া মহৰ দেহৰ পৰা মহৰ লালটিৰ লগত ভাইৰাচ মানুহৰ শৰীৰত প্ৰৱেশ কৰে। তেজৰ পৰা স্নায়ু তন্ত্র (Nervous system) বিশেষকৈ পৃষ্ঠ ৰজ্জু ( spinal cord) আৰু মগজুত থকা পানীয় (Cerebrospinal fluid) অংশত সোমাই পৰে আৰু স্নায়কোষক আক্ৰমণ কৰে। ফলত ৰোগীৰ প্ৰচণ্ড মূৰৰ বিষ, জ্বৰ, বমি, গাৰ বিষ, হাত-ভৰি ফণ্ডিয়াই ধৰা, ডিঙিৰ জঠৰতা আদি লক্ষণ সমুহে দেখা দিয়ে। ক্রমে ৰোগীয়ে খোজ কঢ়াত সঙ্কলন ৰক্ষা কৰিব নোৱাৰা হয়, স্মৃতি শক্তিৰ বিভ্রান্তি ঘটে আৰু কেতিয়াবা ৰোগীয়ে মৃত্যুক আকোৱালি ল’বলগীয়া হয়। বর্তমান বানাক্রান্ত অসমৰ বিভিন্ন জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৰ হৈছে আৰু ইতিমধ্যে কেইবাজনো লোকে প্রাণ হেৰুৱাবলগীয়াত পৰিছে। এই রোগ সৃষ্টিকাৰী ভাইৰাচ এজন মানুহৰ দেহৰ পৰা আন এজনৰ শৰীৰলৈ বিয়পিব নোৱাৰে। কাৰণ ৰোগক্রান্ত মানুহজনৰ তেজত ভাইৰাচৰ সংখ্যা অতি কম থাকে। এই ৰোগৰ ভয়াবহতালৈ চাই এটা কথাই উল্লেখ কৰিব পাৰি যে অত্যাধিক জ্বৰ আৰু মূৰৰ বিষ হ’লে সাধাৰণ পানীলগা জ্বৰ বুলি নাভাবি চিকিৎসকৰ কাষ চাপিব লাগে আৰু চিকিৎসকৰ পৰামৰ্শসমূহ মানি চলিব লাগে।
ল’বলগা সাৱধানতা সমূহ—
(১) যি অঞ্চলত এই ৰোগে দেখা দিয়ে সেই অঞ্চলৰ লোকসকলে শোৱাৰ সময়ত (দিনত বা বাতি) আঠুৱা ব্যৱহাৰ কৰিব লাগে, যিহেতু সেই সময়ত মানুহ মহৰ বাবে সচেতন হৈ নাথাকে।
(২) দ্বিতীয়তে, পথাৰত বা ঘৰৰ বাগিচাত কাম কৰোতে দীঘল হাতৰ চোলা আৰু দীঘল পায়জমা পৰিধান কৰিব লাগে।
(৩) তৃতীয়তে, মহৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰৰ ভিতৰে বাহিৰে ধুনা আৰু ধোঁৱা দিব লাগে। বহুতো অঞ্চলত পৌৰ নিগমৰ ফালৰ পৰা ধোঁৱা (Fogging) দিয়াৰ ব্যৱস্থা কৰা হয়।
(৪) চতুর্থতে, গাহৰিৰ গড়াল আদি সদায় পৰিস্কাৰ পৰিচ্ছন্ন কৈ ৰাখি ধুনা আৰু ধোৱা তথা যাগ দিয়াৰ অভ্যাস কৰিব লাগে।
সচৰাচৰ মানুহে ধৰি লয় যে গাহৰি থকা অঞ্চলতহে এই ৰোগে দেখা দিয়ে। কিন্তু গাহৰিল যাতায়ত থকা অঞ্চলতো এই ৰোগ বিয়পিব পাৰে। এনে ঘটনা অতি ব্যস্ত এখন নগৰ অঞ্চলৰ এগৰাকী মানুহৰ ক্ষেত্ৰত হৈছিল। এনকেফেলাইটিছৰ কিছু লক্ষণৰ সৈতে ICU ত থকাৰ পিছতো কোনেও ভবা নাছিল। তেখেত JEV (Japanese Encephalitis virus)ৰ দ্বাৰা আক্ৰান্ত হৈছে। পিছত চেৰিত্ৰ’ স্পাইনেল ফ্লুইড উলিয়াই পৰীক্ষা কৰাতহে ৰোগ ধৰা পৰে আৰু চিকিৎসা আৰম্ভ হয়। গতিকে ৰোগবিধ বেছি হোৱালৈ বৈ নাথাকি সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। মুঠতে, আমাৰ পৰিবেশত গাহৰি, বগলী, কণামুচৰি, মহ সকলো থাকিবই আৰু এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে নিজেই সাৱধানতা অৱলম্বন কৰিব লাগিব। জাপানীজ এনকেফেলাইটিছ ৰোগৰ দ্বাৰা আক্ৰান্ত অঞ্চলসমূহত চৰকাৰে ইতিমধ্যে আৰম্ভ কৰা টিকাকৰণ (vaccination) অভিজানত আমি সকলোৱে সহযোগিতা আগবঢ়োৱা উচিত।
খাদ্যৰ প্ৰতি ল’ব লগা সাৱধানতাৰ ভিতৰত মানুহে পৰপক্ষত পানীয় আহাৰ যেনে— নাৰিকলৰ পানী, নেমুৰ ৰস, অন্যান্য ফলৰ ৰস, গাখীৰ, দৈ কল আদি খাব লাগে। এই খাদ্যত থকা Vitamin-C পটাছিয়াম, কেলচিয়াম, চড়িয়াম, কলত থকা পটাছিয়াম Vitamin B-12 আদি স্নায়ুৰ কাৰণে অতি আবশ্যক। পৰাপক্ষত লঘু আহাৰ গ্ৰহণ কৰা ভাল।