জেহাদীৰ কাৰ্যকলাপ যেন বৃদ্ধি পাব ধৰিছে ৰাজ্যত। অলপতে নগাওঁ, বৰপেটাকে ধৰি বহুকেইখন জিলাৰ কেইবাটাও অঞ্চলৰ পৰা জেহাদীৰ সন্দেহত ইতিমধ্যে কেইবাজনো লোকক অসম আৰক্ষীয়ে আটক কৰাৰ লগতে ইয়াৰে কেইবাজনৰো জেহাদীৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক ৰক্ষাৰ প্ৰমাণো লাভ কৰিছে আৰক্ষীয়ে।
ইয়াৰ মাজতে পুনৰ অসম আৰক্ষীৰ তৎপৰতাত গোৱালপাৰাত ইমামৰ বেশত থকা এজন লোকক জেহাদীৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকজন কোদালধোৱা মছজিদৰ ইমাম শোভান আলী আনহাতে আৰক্ষীয়ে মাটিয়া অঞ্চলৰ পৰা আন এটা জেহাদীকো গ্ৰেপ্তাৰ কৰিছে। আটকাধীন এই জেহাদীটো আনছাৰুল্লাহ বাংলা টীমৰ সদস্য বুলি সন্দেহ কৰা হৈছে।