ৰাষ্ট্ৰীয় পেঞ্চন ব্যবস্থা চমুকৈ NPS ব্যৱস্থাই চৰকাৰী কৰ্মচাৰী সকলৰ অৱসৰী জীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিছে বুলি ৰাজ্যৰ কৰ্মচাৰী সমাজে শংকা প্ৰকাশ কৰি আহিছে ৷ NPS ব্যৱস্থাটো চৰকাৰী কৰ্মচাৰী সকলৰ বাবে এক অভিশাপ স্বৰূপ, এই ব্যৱস্থাটোৱে কৰ্মচাৰী সকলৰ অৱসৰী জীৱনলৈ চৰম হতাশা নমাই আনিছে বুলি শংকা প্ৰকাশ কৰি NPS ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনঃপ্ৰতিষ্ঠাৰ লগতে অন্যান্য অৱসৰকালীন অসুবিধা সমূহ দূৰ কৰাৰ অৰ্থে যোৱা ১২ জুন-২০২২ ইং তাৰিখে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ নেতৃত্বৰ লগত অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ সৈতে এখনি বৈঠক অনুষ্ঠিত হৈছিল৷
ৰাজ্য চৰকাৰৰ এই ভূমিকাত কৰ্মচাৰীসকলে কিছু আশ্বস্ত হৈছিল যদিও চৰকাৰৰ শেহতীয়া ভূমিকাত কৰ্মচাৰী সমাজে যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰিছে। অসমৰ কৰ্মচাৰী সমাজৰ স্বাৰ্থত অসম চৰকাৰৰ পৰা ইতিবাচক সঁহাৰি বিচাৰিছিল সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই ৷ কিন্তু অসমৰ কৰ্মচাৰী সমাজৰ দাবীৰ প্ৰতি চৰকাৰৰ যি মনোভাৱ সেয়া মুঠেও সন্তোষজনক নহয়। সেয়েহে কৰ্মচাৰী সমাজৰ অৱসৰী জীৱনৰ আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত NPS ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থাটো পুনৰ প্ৰৱৰ্তনৰ দাবীত সোমবাৰ ৰাজ্যজুৰি “সৰ্বাত্মক কৰ্মবিৰতি” পালন কৰিছে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই ৷ এই কৰ্মবিৰতিলৈ অসমৰ প্ৰায়বোৰ প্ৰতিষ্ঠিত কৰ্মচাৰী সংস্থাই সমৰ্থন ঘোষণা কৰাৰ লগতে পূৰ্ণ সহযোগিতা আগবঢ়াইছে।
ঢকুৱাখনা মহকুমাৰ নৰ্থ বেংক মহাবিদ্যালয়তো “পেঞ্চন আমাৰ প্ৰাপ্য” বাণীৰে মহাবিদ্যালয় শিক্ষক গোটৰ উদ্যোগত আৰু কৰ্মচাৰী সকলৰ সহযোগত সোমবাৰে পুৱা ৯-৩০ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয় চৌহদত এই প্ৰাপ্য বিচৰা প্ৰতিবাদ সাব্যস্ত কৰা হয়। মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি ভবেশ চহৰীয়া আৰু সম্পাদক ডঃ নিতুল শইকীয়াৰ নেতৃত্বত মহাবিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি শীঘ্ৰে নাৰ্য প্ৰাপ্য অধিকাৰ স্বৰূপ এই পুৰণি পেঞ্চন নীতি পুনৰ প্ৰবৰ্তনৰ দাবী জনায়।
ধুবুৰী জিলাতো চৰকাৰী কৰ্মচাৰী সকলে সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচী অংশস্বৰূপে সোমবাৰে হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলেও কৰ্মবিৰতি পালনেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ পুৱা শিক্ষক-কৰ্মচাৰী সকলে বিদ্যালয়ত উপস্থিত হৈ অৱস্থান কৰি হাতে-হাতে দাবী সম্বলিত প্লে কাৰ্ড লৈ কৰ্মবিৰতি পালন কৰে। প্ৰতিবাদী কৰ্মচাৰীসকলে চৰকাৰী কৰ্মচাৰী সকলৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰিব লাগে বুলি দাবী উত্থাপন কৰে। জিলাখনৰ উক্ত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলে হাতে হাতে “Scrap NPS, Restore OPS”, “No OPS, No Rest” আদি লিখা ফেষ্টোন প্ৰদৰ্শণ কৰি এন, পি, এছ বাতিল কৰি পুৰণি পেঞ্চন ব্যবস্থা পুণৰ বহালৰ দাবী উত্থাপন কৰে।
সেইদৰে বৰপেটা জিলাৰ মন্দিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰতো NPS ৰ অধীনৰ কৰ্মচাৰী সকলে কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কৰ্মচাৰী সকলে ক’লা বেজ পৰিধান কৰি প্লে-কাৰ্ড লৈ নতুন পেঞ্চন নীতি বাতিল কৰক, পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে ৷ প্ৰতিবাদস্থলীত স্বাস্থ্যকৰ্মী হেৰম্ব পাঠকে কয় যে, চৰকাৰে নতুন পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰি কৰ্মচাৰী সকলৰ ভৱিষ্যত অনিশ্চয়তাৰ দিশে লৈ গৈছে ৷ বৰ্তমান অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী সকলে পৰিয়াল পোহ-পাল দিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ৷
ৰাজ্যৰ আন ঠাইৰ লগতে চৰাইদেউ জিলাতো চৰকাৰী কৰ্মচাৰী সকলে সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচী অংশস্বৰূপে সোমবাৰে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলেও কৰ্মবিৰতি পালনেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ পুৱা শিক্ষক-কৰ্মচাৰী সকলে বিদ্যালয়ত উপস্থিত হৈ অৱস্থান কৰি হাতে-হাতে দাবী সম্বলিত প্লে কাৰ্ড লৈ কৰ্মবিৰতি পালন কৰে। প্ৰতিবাদী কৰ্মচাৰীসকলে চৰকাৰী কৰ্মচাৰী সকলৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰিব লাগে বুলি দাবী উত্থাপন কৰে৷