গেৰুকামুখ জলবিদ্যুৎ প্ৰকল্পৰ ব্যৱসায়ীক উৎপাদন চলিত মাহৰ পৰাই আৰম্ভ হ’ব বুলি চৰকাৰে ঘোষণা কৰিছিল যদিও এই ঘোষণাক মিছা প্ৰমাণিত কৰি প্ৰতিবাৰেই বাৰিষা কালত ইয়াত সংঘটিত হৈ আহিছে বিভিন্ন ধৰণৰ অঘটন। টানেল খহি পৰা, সোৱণশিৰিৰ ঢলে প্ৰকল্পটোৰ গাৰ্ড ৱাল উটুৱাই নিয়া আদিৰ দৰে প্ৰকল্পৰ থলীত বান বা ভূমিস্খলনৰ কেইবাটাও অঘটন সংঘটিত হৈছে। আজি দুপৰীয়াও প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্যত জড়িত হৈ থকা এজন বিদ্যুৎ শ্ৰমিকে শোকাৱহ ভাৱে প্ৰাণ দিব লগীয়া হয়।
কাম কৰি থকা অৱস্তাতে ছৰ্ট চাৰ্কিতৰ ফলত গুৰুতৰভাৱে আহত হৈ পৰৱৰ্তী সময়ত প্ৰাণ দিবলগীয়া হোৱা শ্ৰমিকজন হ’ল গোগামুখ মহৰী কেম্পৰ ৰাজেন শইকীয়া। প্ৰকল্পটোৰ মূল বান্ধৰ ভিতৰত নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাতে বিদ্যুত পৰিবাহী কেবলত হোৱা ছৰ্ট চাৰ্কিতৰ ফলতে তেওঁৰ মৃত্যু হয়।
উল্লেখ্য যে, যোৱা ৬ জুনতো ইনটেক টানেলৰ ছাদ খহি জিতু হাতীবৰুৱা নামৰ এজন শ্ৰমিকৰ মৃত্যু হৈছিল। উক্ত ঘটনাত আন এজন শ্ৰমিকো গুৰুতৰ ভাৱে আহত হৈ পংগু হয়। আজিৰ ঘটনাটোক লৈ চলিত বছৰতে গেৰুকামুখ প্ৰকল্পত এনে ধৰনৰ বিভিন্ন দুৰ্ঘটনাত পতিত হৈ ৯ জন শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে যদিও প্ৰকল্পটোৰ কতৃপক্ষই কোনো এটা ঘটনাৰে তদন্তৰ ব্যৱস্থা কৰা নাই।