সামাজিক সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰ লগতে দেশত ইয়াৰ ২৫ তম বাৰ্ষিকী উপলক্ষে, ভাৰতৰ আগশাৰীৰ কনজিউমাৰ ইলেক্ট্ৰনিকছ কোম্পেনী LG ইলেক্ট্ৰনিকছ ইণ্ডিয়াই এটা চি. এছ .আৰ (CSR) পদক্ষেপ – “কেৰেন ৰোশনি প্ৰতিজনৰ বাবে দৃষ্টি” মুকলি কৰাৰ কথা ঘোষণা কৰে। এই প্ৰচেষ্টাৰ অধীনত, LG য়ে শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত গুৱাহাটীত ৫০০ টা Cataract অস্ত্ৰোপচাৰ সমাপন কৰাৰ কথা ঘোষণা কৰিছে।
এই পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি LG ইলেক্ট্ৰনিক্স ইণ্ডিয়াৰ ইয়ংলাক কিম-এমডিয়ে কয়, “যোৱা ২৫ বছৰত আমাৰ লক্ষ্য কেৱল অৰ্থপূৰ্ণ উদ্ভাৱন কৰাই নহয় যি আমাৰ গ্ৰাহক সকলৰ বাবে সুবিধাৰ সৃষ্টি কৰে, লগতে জনসাধাৰণৰ জীৱনো উন্নত কৰে। আমাৰ শেহতীয়া কেৰেন ৰোশনি- লাইট ফৰ এভৰি চাইট চিএছআৰ উদ্যোগ হৈছে মান সম্পন যত্নৰ সামাৰ্থ নথকা লোকসকলক, দৃষ্টিৰ উপহাৰ আগবঢ়োৱাৰ এক প্ৰয়াস। LG সদায় অৰ্থপূৰ্ণ হস্তক্ষেপ প্ৰৱৰ্তন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই ক্ষেত্ৰত আমাক সমৰ্থন কৰাৰ বাবে আমি আমাৰ সকলো অংশীদাৰ চিকিৎসালয় আৰু এই পদক্ষেপৰ সৈতে জড়িত লোকসকলৰ প্ৰতি কৃতজ্ঞ।”