সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নিৰ্বাচনত ফুটবলাৰ বাইচুং ভুটিয়াই সভাপতি পদৰ বাবে বৃহস্পতিবাৰে নতুনকৈ মনোনয়ন দাখিল কৰা বুলি জানিবলৈ দিয়ে। ২ চেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত অন্ধ্ৰ ফুটবল এচোছিয়েশ্যনৰ প্ৰস্তাৱত ৪৫ বছৰীয়া প্ৰাক্তন ভাৰতীয় ফুটবল দলৰ অধিনায়ক বাইচুঙে মনোনয়ন পত্ৰ দাখিল কৰে।
মই এআইএফএফৰ সভাপতি পদৰ বাবে মোৰ মনোনয়ন দাখিল কৰিছো আৰু মই অনুভৱ কৰোঁ যে মই এই কামটোৰ বাবে সঠিক ব্যক্তি,”। লগতে কয় যে মই দেশ আৰু ক্লাৱ সমূহৰ হৈ ভালে সংখ্যক খেল খেলিছো আৰু মই প্ৰশাসনিক দিশত অলপ জানো যিহেতু মই ক্ৰীড়া মন্ত্ৰালয়ৰ মিছন অলিম্পিক চেলৰ লগতে অন্যান্য সমিতিতো জড়িত। মই বিচাৰো ভাৰতীয় ফুটবলে নতুন দিগন্তত উপনীত হওক”,এই দৰেই সংবাদ মাধ্যমৰ আগত তেওঁ মনোনয়ন দাখিল সন্দৰ্ভত মন্তব্য কৰে।
উল্লেখ্য যে, বাইচুং ভুটিয়াই পূৰ্বেও সভাপতি পদৰ বাবে প্ৰাক্তন সতীৰ্থ দীপক মণ্ডলৰ সমৰ্থনত মনোনয়ন পত্ৰ দাখিল কৰিছিল।