ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতন কাণ্ড। ধেমাজি জিলাৰ নিলখ সুন্দৰপুৰত নিৰ্যাতন সহিব নোৱাৰি এগৰাকী নৱ বিবাহিতা যুৱতীয়ে আত্মহত্যা কৰাত সমগ্র অঞ্চলতে উত্তেজনাৰ সৃষ্টি হৈছে। ঘটনা অনুসৰি শ্ৰীপানী মথাদাং গাঁৱৰ যাদৱ ফুকনৰ ১৮ বছৰীয়া কন্যা পল্লৱী ফুকনে প্ৰায় দহ মাহৰ পূৰ্বে নিলখৰ সুন্দৰপুৰ গাঁৱৰ বুবুল বৰাৰ ২৩ বছৰীয়া পুত্ৰ মোহন বৰাৰ লগত বিবাহ পাশত আবদ্ধ হয়। কিন্তু বিয়াৰ পিছতে পল্লৱীয়ে মোহনৰ আন কোনো যুৱতীৰ লগত সম্পৰ্ক থকাৰ কথা গম পায় আৰু সাত পৃষ্ঠা জোৰা এক চুইছাইড নোট লিখি মঙ্গলবাৰে আবেলি বিহ খাই আত্মহত্যাৰ পথ বাছি লয়।
বিহ খোৱাৰ পিছত ততাতৈয়াকৈ পল্লৱীক ধেমাজিৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ৈ লৈ যোৱাৰ পথতেই মৃত্যু হয়। আনহাতে বোৱাৰী গৰাকীক পৰিকল্পিত ভাৱে আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা বুলি অভিযোগ উত্থাপন কৰি বুধবাৰে নিশা পল্লৱী মাতৃ গৃহৰ পৰিয়ালে চিচিবৰগাঁও আৰক্ষী চকীত স্বামী মোহন বৰা আৰু তেওঁৰ পিতৃ-মাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
এজাহাৰৰ ওপৰত ভিত্তি কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৬ আৰু ৩৪ ধাৰাত চিলাপথাৰ থানাত ১৫৩/২০২২ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি চিচিবৰগাঁও আৰক্ষীয়ে মোহন বৰাক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে যদিও পিতৃ-মাতৃক অধিক সোধ-পোচ নকৰাৰ অভিযোগ ছোৱালী পৰিয়ালৰ। আনহাতে বুধবাৰে আবেলি মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত ছোৱালীৰ মৃতদেহ স্বামীগৃহত আৰক্ষীয়ে গতাই দিয়াৰ পিছত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষী আৰু অৰ্ধসমৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তাৰ মাজত মৃত বোৱাৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।