অহা ১৭ ছেপ্তেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২তম জন্মদিন। তদুপলক্ষে উক্ত দিনটোত ১ লাখ প্ৰধানমন্ত্ৰী আবাস যোজনা আৰু ১ হাজাৰ অমৃত সৰোৱৰ আৱণ্টন দিয়াৰ সিদ্ধান্ত লোৱা হৈছে বুলি ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জানিবলৈ দিছে।
দেওবাৰে বৰপেটাৰোডৰ বিজেপিৰ ১৬০ নং বুথ কমিটিৰ উদ্যোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত অনুষ্ঠানত অংশগ্ৰহণ গ্ৰহণ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰাজ্যখনত তিনি হাজাৰ সাতটা অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ বাবে পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰি আগন্তুক ১৭ চেপ্তেম্বৰৰ দিনা দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে একেদিনাই ১ হাজাৰ অমৃত সৰোবৰৰ কাম আৰম্ভ কৰিব বুলিও কয় ৷ অমৃত সৰোবৰ নিৰ্মাণৰ বাবে এটা পৰ্টেল মুকলি কৰা হ’ব বুলিও তেওঁ জনায়।
In his #MannKiBaat episode today, Hon'ble PM Shri @narendramodi ji highlighted Project Sampoorna, a unique initiative of Bongaigaon district administration to deal with malnutrition by utilising Anganwadi workers. pic.twitter.com/gx99PjHMnD
— MyGov Assam (@mygovassam) August 28, 2022
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ হকে কাম কৰি অহা কামসমূহৰ বাবে তেখেতৰ জন্মদিনৰ দিনা এনে কৰিব বুলি ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে ৰণজিৎ কুমাৰ দাসে৷