কলিয়াভোমোৰা দলঙত দেওবাৰে সন্ধিয়া চেল্ফি ল’বলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হল এজন সেনা জোৱান ৷ তেজপুৰত কৰ্মৰত সেনা জোৱানজন হৈছে ৰাজস্থানৰ অনিল কুমাৰ৷ দেওবাৰ বন্ধৰ দিন উপলক্ষে ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ কৰিবলৈ আহিছিল ৩ জোৱান ৷
সন্ধ্যা ৭.৩০ মান বজাত, অন্ধকাৰৰ মাজত মহাবাহুৰ বুকুত নৌকা বিহাৰৰ সময়ত চেল্ফি উঠিবলৈ যোৱা বিষয়টোও ৰহস্যজনক। ঘটনাস্থলীত নিশাৰ ভাগত সেনা বাহিনীৰ লগতে তেজপুৰ আৰক্ষীৰ দল উপস্থিত হৈ নিৰুদ্দিষ্ট সেনা জোৱান জনৰ সন্ধান উলিয়াবলৈ চেষ্টা চলায় যদিও অন্ধকাৰৰ বাবে উদ্ধাৰ চলাব পৰা নাছিল SDRF আৰু NDRF বাহিনীয়ে৷ আজি পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলিছে নিৰুদ্দিষ্ট সেনা জোৱানৰ৷ আৰক্ষী প্ৰশাসনে ইতিমধ্যে নৌকাখন জব্দ কৰিছে ৷
উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাত অন্তৰ্গত কলিয়াভোমাৰা দলঙৰ পাৰ্শ্বৱৰ্তী এলেকাত ভৰ বাৰিষাৰ বাবে নৌকা বিহাৰত শোনিতপুৰ জিলা প্ৰশাসনে কঠোৰ নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো এনেদৰে অবৈধ ভাৱে একাংশই নৌকা বিহাৰৰ বাৱে অনুমতি লাভ কৰিছে বুলি ৰাইজৰ মাজত প্ৰশ্ন উঠিছে।