- কাইলৈ অৰ্থাৎ বুধবাৰে গণেশ চতুৰ্থী।
- দেশজুৰি গণেশ চতুৰ্থীৰ ব্যাপক প্ৰস্তুতি চলাই থকা দেখা গৈছে।
- বিভিন্ন স্থানৰ মন্দিৰসমূহো সজাই তোলা হৈছে।
- গণেশ বাবাৰ মূৰ্তিত শেষ পৰশ দিবলৈ খনিকৰসকল ব্যস্ত হৈ পৰা দেখা গৈছে।
- এই গণেশ চতুৰ্থী শুক্লা চতুৰ্থী তিথিৰ পৰা আৰম্ভ হৈ চতুৰ্দশী তিথিত শেষ হয়।
- গণেশ চতুৰ্থীৰ পৰাই বিভিন্ন উৎসৱসমূহ আৰম্ভ হয়।
- গণেশ পূজাৰ পিছতেই বাকী পূজাসমূহ যেনে – বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা, লক্ষ্মী পুজা, কালী পূজা ইত্য়াদি পূজাও আৰম্ভ হয়।