কানাডাৰ মাৰ্খাম চহৰৰ এটা পথৰ নাম জনপ্ৰিয় সংগীতজ্ঞ এ.আৰ. ৰহমান নামেৰে নামকৰণ কৰা হয়। ২৯ আগষ্টত এ. আৰ. ৰহমানে টুইটাৰত পোষ্ট কৰি কানাডাৰ অণ্টাৰিঅ’ত মাৰ্খামৰ কৰ্তৃপক্ষৰ প্ৰতি কৃতজ্ঞতাৰ জ্ঞাপন কৰে।এ.আৰ.ৰহমান বৰ্তমান তেওঁৰ সংগীতৰ কামৰ বাবে কানাডাত আছে।
জানিব পৰা মতে, মাৰ্খাম চহৰে ২০১৩ চনৰ নৱেম্বৰত ঘোষণা কৰিছিল যে ভাৰতৰ সংগীতজ্ঞ এ আৰ ৰহমানৰ নামত এটা পথৰ নামাকৰণ কৰা হ’ব। আৰু ২০২২ চনৰ আগষ্টৰ ২৯ তাৰিখে মাইক্ৰ ব্লগিং চাইটৰ উদ্বোধনী অনুষ্ঠানৰ অনুষ্ঠিত কৰে। এই ফটো এ.আৰ. ৰহমানে টুইটাৰযোগে শ্বেয়াৰ কৰে।
Honoured and grateful for this recognition from @cityofmarkham and @frankscarpitti and the people of Canada 🇨🇦 🇮🇳 #arrahmanstreet #markham #canada #infinitelovearr #celebratingdiversity pic.twitter.com/rp9Df42CBi
— A.R.Rahman (@arrahman) August 29, 2022
এই সন্মানৰ বাবে তেখেতে টুইট কৰি মনৰ ভাৱ প্ৰকাশ কৰি কয় যে – এনেবোৰ মৰমে তেখেতক অধিক দায়িত্ব সহকাৰে কাম কৰিবলৈ আৰু অনুপ্ৰেৰণা দায়ক হ’বলৈ উৎসাহ দিয়ে। তেওঁ এতিয়াও ভাগৰি পৰা নাই আৰু যদি তেওঁ ভাগৰি পৰে তেন্তে কৰিবলগীয়া বহু কাম বাদ পৰি যাব। নিজকে আগুৱাই লৈ যাবলৈ আৰু বহু বাট আছে বুলিও তেওঁ কয়।