‘ভিলেজ ৰকষ্টাৰ’ আৰু ‘বুলবুল কেন ছিং’ৰ নিৰ্মাতা অসমৰ ৰীমা দাসৰ ‘তৰাজ হাছবেণ্ড’ নামৰ ছবি Busan international Film festivalত প্ৰদৰ্শিত হ’ব। দেওবাৰে সন্মানীয় টৰোণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল (TIFF) ত প্ৰদৰ্শিত হোৱাৰ পাছত আগন্তুক অক্টোবৰ মাহত এছিয়া মহাদেৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ মহোৎসৱ BIFFত প্ৰদৰ্শিত হ’ব ৰীমা দাসৰ নতুন ফিল্ম ‘তৰাজ হাছবেণ্ড’।
তথ্য অনুসৰি, আগন্তুক অক্টোবৰ মাহৰ ৫ ৰ পৰা ১৪ তাৰিখলৈ ২৭ সংখ্যক Busan international Film festival (BIFF) দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ব। ‘A window on Asian cinema’ শীৰ্ষক এক বিশেষ শাখাত দেখুওৱা হ’ব ‘তৰাজ হাছবেণ্ড’।
এই ছবিখনৰ কাহিনীটো হৈছে– কভিড-19 মহামাৰীৰ ফলত হোৱা অৰ্থনৈতিক বিবাদৰ মাজত, জানে (অভিজিত দাস) তেওঁৰ সৰু ব্যৱসায় (এখন সাধাৰণ ৰেষ্টুৰেণ্ট আৰু হোটেল) তেওঁৰ চহৰটো বাধ্যতামূলক লকডাউনৰ পৰা ওলোৱাৰ পাছত উদীয়মান হৈ থাকিবলৈ চেষ্টা কৰে। ব্যৱসায় উন্নত হোৱাৰ সম্ভাৱনা ক্ষীণ দেখাৰ বাবে তেওঁৰ ধৈৰ্য্য ক্ষীণ হৈ পৰিছিল আৰু জানে পত্নী তৰা (তৰালী কলিতা দাস)কে আদি কৰি তেওঁৰ বন্ধু আৰু পৰিয়ালৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আৰম্ভ কৰে।
TIFFত ৰীমা দাসৰ চলচ্চিত্ৰখন ইয়াৰ প্ৰতিযোগিতামূলক কাৰ্যসূচী প্লেটফৰ্ম শাখাত প্ৰদৰ্শিত হ’ব যিয়ে সাহসী পৰিচালনাৰ দৰ্শনক উদযাপন কৰে। কাৰ্যসূচীটোৰ ১০ খন চলচ্চিত্ৰ প্লেটফৰ্ম পুৰস্কাৰৰ বাবে যোগ্য আৰু এক ব্যক্তিগত আন্তৰ্জাতিক জুৰীয়ে বাছনি কৰা শ্ৰেষ্ঠ চলচ্চিত্ৰখনক প্ৰদান কৰা হ’ব ২০,০০০ ডলাৰ চিএডিৰ পুৰস্কাৰ।