অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক প্ৰৱৰ্তন সঞ্চালকালয় (ED)ৰ জেৰা। প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰ আৰু অন্যান্যৰ সৈতে জড়িত বহু কোটি টকাৰ ধন জালিয়াতিৰ অভিযোগত ৰুজু হোৱা এটা গোচৰ সন্দৰ্ভত জেকলিনক দিল্লী আৰক্ষীয়ে অৰ্থনৈতিক অপৰাধ শাখা অৰ্থাৎ EWOৰ সন্মুখত সোধা-পোছাৰ বাবে উপস্থিত কৰায়।
আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক EWOৰ ওচৰত লগ কৰাব য’ত তেওঁক ২০০ কোটিতকৈও অধিক জালিয়াতিৰ মাষ্টাৰ মাইণ্ড সুকেশ চন্দ্ৰশেখৰৰ ক্ষেত্ৰত সোধা-পোছা কৰা হ’ব। ইয়াৰ পূৰ্বে জেকলিনক দুবাৰকৈ ক্ৰমে ২৯ আগষ্ট আৰু ১২ ছেপ্তেম্বৰ তাৰিখে ED য়ে সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল যদিও জেকলিন উপস্থিত হোৱা নাছিল। এইবাৰ, তৃতীয়বাৰৰ চমনত কঠোৰ নিৰ্দেশ দি তেওঁক যিকোনো প্ৰকাৰে উপস্থিত হোৱাতো বাধ্যতামূলক কৰি দিয়া হৈছিল।
জানিব পৰা মতে, দিল্লী আৰক্ষীয়ে জেকলিনক সুকেশ চন্দ্ৰ শেখৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে প্ৰশ্ন কৰাৰ লগতে অভিনেত্ৰীগৰাকীক দিয়া ব্যয়বহুল আৰু মূল্যৱান উপহাৰৰ বিষয়েও জেকলিনক প্ৰশ্ন কৰা হ’ব। ইতিমধ্যে EWOৰ যুটীয়া আয়ুক্ত ছায়া শৰ্মা, বিশেষ আয়ুক্ত ৰবীন্দ্ৰ যাদৱসহ ৫-৬ জন বিষয়াই জেকলিনক সোধা-পোছ কৰিছে বুলি জানিব পৰা গৈছে।