- প্ৰতিমা বিসৰ্জন দিবলৈ গৈ প্ৰাণ হেৰুৱালে ৮ জনকৈ লোক।
- সন্ধানহীন হৈ আছে ৪৫ জনৰো অধিক লোকৰ।
- এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ জলপাইগুৰিত।
- প্ৰতিমা বিসৰ্জন দিবলৈ গৈ এই লোকসকল উটি যায় নদীত।
- প্ৰশাসনৰ প্ৰচেষ্টাত কিছু লোকক উদ্ধাৰ কৰা হয় যদিও নিশাৰ অন্ধাৰত বহু লোক উটি যায়।
- প্ৰকৃততে কিমান লোক নদীত উটি গৈছে, সন্ধানহীন হৈছে তাৰ প্ৰকৃত হিচাপ নাই প্ৰশাসনৰ হাতত।
- বংগৰ প্ৰশাসনে চলাই আছে উদ্ধাৰ অভিযান।
- নিশাই বন্ধ কৰি দিয়া হৈছে প্ৰতিমা বিসৰ্জন।