ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিন ধৰি অনাদায় হৈ থকা দৰমহা বুধবাৰে মুকলি কৰি দিছে ৰাজ্য চৰকাৰে। পৌৰ কৰ্মীসকলৰ দৰমহা তথা মজুৰিৰ বাবদ বিত্ত বিভাগে গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ অধীনস্থ পৌৰ প্ৰশাসন সঞ্চালকালয়লৈ ৯৮.৬৯১২ কোটি টকা মোকলাই দিয়ে।
উল্লেখযোগ্য যে, বিভিন্ন কাৰণত বিগত কিছুকাল ধৰি দৰমহা অনাদায় হৈ থকাৰ বাবে ৰাজ্যৰ পৌৰ কৰ্মীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল।