কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে শেহতীয়াকৈ মাল্টি চিষ্টেম অপাৰেটৰ চাৰ্ভিছে প্লেটফৰ্ম চাৰ্ভিছ সমূহলৈ কিছু নতুন নিৰ্দেশনা জাৰী কৰিছে। এতিয়াৰে পৰা স্থানীয় চেনেল সমূহেও মাল্টি চিষ্টেম অপাৰেটৰত পঞ্জীয়ন কৰিব লাগিব।
উল্লেখ্য যে, কেবল টেলিভিছন নেটৱৰ্ক আইন ১৯৯৪ ৰ অনুসৰি, মাল্টি চিষ্টেম অপাৰেটৰ সমূহে গ্ৰাহকলৈ তেওঁলোকৰ প্ৰ’গ্ৰামিং সেৱা প্ৰেৰণ কৰিছিল স্থানীয় এক বা একাধিক অপাৰেটৰ জৰিয়তে। এই ব্যৱস্থাক কোৱা হৈছিল ‘প্লেটফৰ্ম চাৰ্ভিছ’ অথবা পিএচ বুলি। এই ব্যৱস্থাত স্থানীয় চেনেল সমূহ অন্তৰ্ভুক্ত হৈ থাকে যাৰ জৰিয়তে চেনেল সমূহে প্ৰকাশ কৰে একচেটিয়া প্ৰ’গ্ৰামিং সেৱা।
কিন্তু এতিয়াৰে পৰা এনে চেনেল সমূহে পৰৱৰ্তী প্ৰ’গ্ৰামিং সেৱাৰ বাবে কৰিব লাগিব পঞ্জীয়ন। চেনেলসমূহে মাল্টি চিষ্টেম অপাৰেটৰ তথা _ পৰ্টে’লত IMBৰ সৈতে তেওঁলোকৰ প্লেটফৰ্ম চাৰ্ভিছসমূহক পঞ্জীয়ন কৰাবৰ বাবে সম্পূৰ্ণ নিয়মাৱলী পালন কৰি আবেদন কৰিব লাগিব।