আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয়টো দিনত মন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিব তিনিখনকৈ বিধেয়ক। লগতে পৰিৱেশ, বন, এক্ট ইষ্ট পলিচী এফেয়াৰ্ছ, সংখ্যালঘু কল্যাণ ও উন্নয়ন, উচ্চ শিক্ষা, বিদ্যালয় শিক্ষা, জনজাতি পৰিক্ৰমাকে ধৰি কেইবাটাও বিভাগৰ প্ৰশ্নত্তোৰেৰে আৰম্ভ হ’ব সদনৰ কাম–কাজ৷ আনহাতে, অধিৱেশনৰ প্ৰথম দুটা দিনত সদনৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত আজি ব্যতিক্ৰমী ৰূপত বিধানসভালৈ আহিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। শ্লোগান প্ৰিণ্ট কৰা টি–ছাৰ্ট পিন্ধি বিধানসভাত প্ৰৱেশ কৰিলে অখিল গগৈয়ে। সদনত প্ৰৱেশৰ পূৰ্বে অখিল গগৈয়ে প্ৰদৰ্শন কৰিলে প্লেকাৰ্ড।
অখিল গগৈৰ প্ৰশ্ন – ‘‘১ লাখ নিবনুৱাৰ নিযুক্তি কেতিয়া? এবছৰত এক লাখ নিবনুৱা নিযুক্তিৰ প্ৰতিশ্ৰুতি ক’ত হেৰাল?– বছৰি এক লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দুবছৰত পূৰণ হ’বনে? নিবনুৱাক লৈ আৰু কিমান হেতালি খেলিব বিজেপি চৰকাৰে?’’ অখিল গগৈয়ে কয়, ২০২২ৰ ৩১ মাৰ্চৰ পূৰ্বে ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল চৰকাৰে। পাঁচ বছৰত ভিতৰত ১ লাখ নিযুক্তি প্ৰদান কৰিব নেকি?
ৰাজ্যৰ শেহতীয়া আইন–শৃংখলা পৰিস্থিতিক লৈ অখিল গগৈয়ে কয় যে আৰক্ষী যেতিয়া ৰাজনীতিকৰ হাত ধৰা লিগিৰা হয়, তেতিয়া আইন–শৃংখলাৰ দিশ অৱনমিত হ’বই।