আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং। দিনৰ ১১ বজাত বিহু হুঁচৰিৰে ৰাজীৱ ভৱনত জীতেন্দ্ৰ সিঙক আদৰণি জনোৱা হ’ব। ১১.৩০ বজাত ৰাজীৱ ভৱনত জীতেন্দ্ৰ সিঙে শিলচৰ লোকসভা সমষ্টিক লৈ জিলা সভাপতিৰ সৈতে আলোচনা কৰিব।
দুপৰীয়া ১.৩০ বজাত ডিফু লোকসভা সমষ্টিক লৈ তিনিখন জিলাৰ সভাপতিৰ সৈতে আলোচনাত মিলিত হ’ব জিতেন্দ্ৰ সিং। ২.৩০ বজাত ধুবুৰী আৰু ৩.৩০ বজাত কোকৰাঝাৰ লোকসভা সমষ্টিক লৈ কৰিব আলোচনা। বিয়লি ৫ বজাত সকলো বিৰোধী দলৰ সৈতে আলোচনাত মিলিত হব জীতেন্দ্ৰ সিং।
আনহাতে, ২৮ এপ্ৰিলৰ পুৱা ১০ বজাত ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ আলোচনাত মিলিত হ’ব জিতেন্দ্ৰ সিং। ১১ বজাত যোৰহাট, ১২ বজাত লখিমপুৰ, ১ বজাত তেজপুৰ, ২ বজাত মঙলদৈ, ৩ বজাত গুৱাহাটী সমষ্টিক লৈ সংশ্লিষ্ট জিলা কংগ্ৰেছৰ সভাপতিসকলৰ সৈতে আলোচনা কৰাৰ পিছত বিয়লি ৪ বজাত সংবাদ মেল সম্বোধন কৰিব জীতেন্দ্ৰ সিঙে।