শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ চৌহদত প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ ১০০ সংখ্যক খণ্ড চোৱাৰ বাবে ব্যাপক প্ৰস্তুতি। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত তথা পুৰাতত্ব বিভাগৰ সহযোগত ৰংঘৰত সন্ধিয়া ৭ বজাৰ পৰা ডিজিটেল প্ৰজেক্টৰৰ সহায়ত প্ৰত্যক্ষ কৰাৰ বিশেষ ব্যৱস্থা কৰা হৈছে। দেশৰ মুঠ ১৩টা প্ৰাচীন কীৰ্তিচিহ্নৰ চৌহদত ‘মন কী বাত’ৰ অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰ ভিতৰত আছে ৰংঘৰৰ চৌহদো।
আনহাতে ঐতিহাসিক ৰংঘৰক যোৱানিশা প্ৰজেক্টৰৰ সহায়ত দিয়া হয় নতুন ৰূপ। ৰং–বিৰঙী আলোকসজ্জা দেখা গ’ল ৰংঘৰত। যাক লৈ এতিয়া সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। এনেধৰণৰ আলোকসজ্জাৰে ৰংঘৰক বিকৃত ৰূপ দিয়া বুলিও অভিযোগ কৰিছে একাংশই।