ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত আৰু পাণ্ডু মহাবিদ্যালয়ৰ সহযোগত অলপতে পাণ্ডুৰ টেম্পলঘাটত থকা অগ্নি নির্বাপন বাহিনীয়ে দুৰ্যোগ নিবাৰণমূলক সজাগতা সভা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত কৰে। অগ্নি নির্বাপক বাহিনীৰ মুখ্য কাৰ্যবাহী বিষয়া নরজিৎ নাথে সভাখনত দুর্যোগ যেনে- জুই, ভূমিকম্প আদি সংঘটিত হ’লে কেনেকৈ আমি কেনেধৰণৰ ব্যৱস্থাপনাৰ দ্বাৰা উপশম কমাব পাৰি বা এনে দুৰ্যোগ সমূহৰ সন্মুখীন হ’লে আমি আন ব্যক্তিসকলক কেনেধৰণে সহায় কৰিব পৰা যায় — তাৰ ওপৰত এক তত্বগধুৰ বক্তৃতা প্ৰদান কৰে। প্ৰশিক্ষাৰ্থীসকলৰ লগত মত বিনিময়ৰ মাধ্যমেৰে নাথে অনাগত ভবিষ্যতত আমি কি ধৰণে জনগণৰ মাজত দুর্যোগ উপশমৰ সজাগতা আনিব পৰা যায় তাকো তেওঁ উল্লেখ কৰে। তাৰ পিছত অগ্নি নির্বাপক বাহিনীৰ SRDF ৰ সদস্যসকলে মক্ ড্ৰিলৰ মাধ্যমেৰে গেছৰ চিলিণ্ডাৰত জুই লাগিলে কেনেদৰে নুমুৱাব পাৰি, আঘাটপ্রাপ্ত ব্যক্তিক কেনেদৰে উঠাব লাগে, সাপে দংশন কৰিলে কোন ঠাইত কেনেধৰণে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে, হৃদযন্ত্ৰ বন্ধ হ’লে কেনেদৰে কৃত্রিমভাৱে উশাহ-নিশাহ প্ৰদান কৰিব লাগে — ইত্যাদিবোৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেখুৱায় আৰু ছাত্ৰ- ছাত্ৰীসকলকো তেনেবোৰ কৌশল দেখুৱাবলৈ অনুপ্ৰাণিত কৰে।